*অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু আজমল একে দলৰে মানুহ: জয়ন্ত মল্ল বৰুৱা*
*গোসাঁইগাঁৱত বিস্ফোৰক মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ*
*’আটাইকেইজন একেলগেই থাকে, কেৱল মাজে মাজে বাহিৰত নাটক কৰে’: মন্ত্ৰী বৰুৱা*
আজি গোসাঁইগাঁও জিলাৰ হাব্ৰুবিলত উপস্থিত হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিৰোধী শিবিৰক লক্ষ্য কৰি তীব্ৰ আৰু বিস্ফোৰক মন্তব্য আগবঢ়ায়। গোসাঁইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৪,০১৮ গৰাকী মহিলাক চেক বিতৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছতে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ আৰু বদৰুদ্দিন আজমলক একে ৰাজনৈতিক শিবিৰৰ মানুহ বুলি আখ্যা দিয়ে। মন্ত্ৰী বৰুৱাই কয়—“এই আটাইকেইজন একেলগেই থাকে, কেৱল মাজে মাজে বাহিৰত নাটক কৰে।” তেওঁৰ মতে, বিৰোধী নেতাসকলৰ মাজত আদৰ্শগত কোনো পাৰ্থক্য নাই, কেৱল সময় আৰু পৰিস্থিতি অনুসৰি নাটকীয় ভুমিকা লৈ জনতাক বিভ্ৰান্ত কৰাই তেওঁলোকৰ ৰাজনীতি। বিৰোধী ৰাজনীতিৰ ওপৰত তীব্ৰ প্ৰশ্ন উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, এইসকল নেতা সাধাৰণ ৰাইজৰ স্বাৰ্থৰ কথা নাভাবি কেৱল নিজৰ ৰাজনৈতিক লাভৰ বাবেহেএকেলগে চলি থাকে। “আমি যিসকল মানুহৰ ভোট নিবিচাৰোঁ, তেওঁলোকে সেইসকলৰ লগতে লাগি থাকে,” বুলি মন্তব্য কৰি এইসকল নেতাক সুবিধাবাদী ৰাজনীতিত লিপ্ত বুলি অভিযোগ কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লগতে কয় – অসমবাসী এতিয়া সকলো বুজি উঠিছে। সুবিধাবাদী ৰাজনীতি আৰু ভুৱা প্ৰতিশ্ৰুতিত ৰাইজে আৰু বিশ্বাস নকৰে। উন্নয়ন, স্থিৰতা আৰু সুশাসনৰ পথত আগবঢ়া বিজেপি নেতৃত্বাধীন চৰকাৰক অসমবাসীয়ে পুনৰ সমৰ্থন জনাব বুলি তেওঁ দৃঢ় বিশ্বাস প্ৰকাশ কৰে।