অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখাৰ মাহেকীয়া সাহিত্য পাঠ অনুষ্ঠানৰ বৈঠকখনি হয়বৰগাওঁ হাইস্কুলৰ সভাকক্ষত সম্পন্ন হৈ যায়। পৰিষদৰ স্থায়ী সভাপতি ড° দিলীপ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা বৈঠকখনিৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে পূৰ্ব সভাৰ কাৰ্যবিৱৰণী পাঠ কৰে সচিব মুনিন্দ্ৰ শইকীয়াই ৷ বৈঠকখনিৰ আৰম্ভণিতে ৰাজ্যৰ ভাষা-সংস্কৃতি আৰু গ্ৰাহকৰ বিভিন্ন সমস্যাৰ লগতে ৰাজনৈতিক দিশবোৰ সৰ্ম্পকত সঘনাই মাত মাতি অহা সদ্য প্ৰয়াত দেবেন দত্তৰ ওপৰিও নগাঁৱৰ বিশিষ্ট ব্যক্তি প্ৰয়াত মুকুট ভূঞা আৰু পুলকানন্দ কৌশিকৰ আত্মাৰ সদগতি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয় ৷ ইয়াৰ পিছতেই চন্দ্ৰযান-৩ ৰ সফলতাত অংশগ্ৰহণ কাৰী ভাৰতীয় মহাকাশ বিজ্ঞানী সকলৰ প্ৰতি অফুৰন্ত শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে এই যাত্ৰাত সুবিধা লাভ কৰা অসমৰ সাত গৰাকী বৈজ্ঞানিকলৈ বিশেষ শলাগ জ্ঞাপন কৰি এক প্ৰস্তাৱ লোৱা হয় ৷ বৈঠকত যোৱা মাহত হৈ যোৱা সাহিত্য পাঠৰ অনুষ্ঠানত পথিত গল্প, কবিতা, প্ৰৱন্ধ আদিৰ সমীক্ষা আগবঢ়াই সমীক্ষক মৃদুপৱন বৰাই। ইয়াৰ পিছতে মাহেকীয়া সাহিত্য পাঠ অনুষ্ঠানত কবিতাৰ শিতানত অনু কোঁৱৰ সিংহ, কাৰুণ্য ভট্টাচাৰ্য, বেলা মোদী, প্ৰদীপ শইকীয়া, প্ৰিয়াংকু শৰ্মা, ৰাতুল শৰ্মা, মৃদুপৱন বৰা, চন্দ্ৰ শইকীয়া আৰু নবীন কলিতাই একোটাকৈ স্বৰচিত কবিতাৰ সমান্তৰালভাৱে প্ৰৱন্ধৰ শিতানত লোক সাহিত্যৰ ওপৰত তিলক ডেকাই এটি প্ৰৱন্ধ আৰু সুনীল কুমাৰ শৰ্মাই সংস্কৃতিৰ ওপৰত প্ৰৱন্ধ পাঠ কৰি বৈঠকখনিৰ সৌষ্ঠৱ্য বৃদ্ধি কৰে‌ ৷ তদুপৰি গাম্ভীৰ্যপূৰ্ণ বৈঠকখনিত মুনিন্দ্ৰ শইকীয়া আৰু গুৰবচন সিংহই একোটাকৈ গীত পৰিৱেশন কৰি সকলোকে মনোৰঞ্জনৰ যোগাবলৈ সক্ষম হয়৷

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *