অসমৰ বাবে এটা ভাল খবৰ! খবৰটোক লৈ বিশেষ প’ষ্ট হলিউড অভিনেতা লিঅনাৰ্ড ডিকেপ্ৰিঅ’ৰ। অসমৰ এশিঙীয়া গঁড়ক লৈ সামাজিক মাধ্যমত এই বিশেষ প’ষ্ট হলিউড অভিনেতাগৰাকীৰ। বিগত বৰ্ষত এটাও গঁড় নিধন হোৱা নাই কাজিৰঙাত। তেওঁ উল্লেখ কৰে যে, ২০০০ চনৰ পৰা ২০২১ চনৰ ভিতৰত প্ৰায় ১৯০ টা গঁড়ক হত্যা কৰা হৈছিল কাজিৰঙাত। ২০২১ চনত অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিপদাপন্ন এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত লয়। ২০২২ চনত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ লক্ষ্য পূৰণ কৰে আৰু ১৯৭৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে কাজিৰঙাত কোনো গঁড় চিকাৰৰ বলি হোৱা নাই বুলি প্ৰকাশ কৰে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২,২০০ৰো অধিক এশিঙীয়া গঁড় আছে, যি হৈছে বিশ্বত থকা গঁড়ৰ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ। দেশৰ বাবেও এটা ভাল খবৰ যে, @wwfৰ প্ৰতিবেদন মতে, বিংশ শতিকাত দুষ্প্ৰাপ্য গঁড়ৰ সংখ্যা ২০০ পৰা ৩,৭০০লৈ বৃদ্ধি পাইছে।
