“টি পাউদাৰ” প্ৰস্তুত কৰা প্ৰযুক্তি কৌশল উদ্ভাৱন অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ বিজ্ঞানীৰ
নিউজ ডেক্স, ১৩ আগষ্টঃ দুশ বছৰীয়া ঐতিহ্যৰে সমৃদ্ধ কেচাসোণৰ দেশ অসমৰ চাহৰ ওপৰত দীৰ্ঘদিনীয়া গৱেষণাৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ বিজ্ঞানী সকলে “টি পাউদাৰ” প্ৰস্তুত প্ৰযুক্তি উদ্ভাৱন কৰি চাহ শিল্পৰ ক্ষেত্ৰত নতুনত্বপ্ৰয়াসী পৰিক্ৰমাৰ সংযোজন ঘটাইছে। কেঁচা চাহপাতৰ পৰা এই নৱউদ্ভাৱিত প্ৰযুক্তি কৌশলেৰে টি পাউদাৰ প্ৰস্তুত কৰি সেই পাউদাৰ আমাৰ খাদ্যাভ্যাসত ব্যৱহাৰ কৰিব পৰা যাব ।অসমৰ চাহ শিল্পৰ সম্ভাৱনীয়তাক লৈ বিভিন্ন চৰ্চা অব্যাহত থকা সময়তে উদ্ভাৱন কৰা এন্টিঅক্সিডেন্ট সমৃদ্ধ এই টি পাউদাৰে অসমৰ চাহ অৰ্থনীতিক নতুন ৰূপত উজ্জীৱিত কৰিব বুলি আশা কৰা হৈছে। বিশেষকৈ অসমৰ পাচ শতাধিক জৈৱিক চাহ খেতিয়কে এই উদ্ভাৱিত প্ৰযুক্তি কৌশলৰ জৰিয়তে সৰ্বাধিক লাভ অৰ্জন কৰিব পাৰিব । বিশেষকৈ জৈৱিক ভাবে খেতি কৰিও খৰচ আৰু গুণাগুণ অনুসৰি দাম নোপোৱা আৰু পাতৰ চিজনত ফেক্টৰীয়ে পাত নোলোৱাত পাত নষ্ট কৰি পেলাই দিয়া আদি লোকচানৰ পৰা হাত সাৰিব পৰা যাব । চীনৰ দৰে আগশাৰীৰ চাহ সেৱনকাৰী দেশে নিত্যব্যৱহাৰ্য প্ৰায় প্ৰতিটো উপাদানতে টি পাউদাৰ ব্যৱহাৰ কৰি এন্টিঅক্সিডেন্টৰ অভাৱত হোৱা বহু ৰোগৰ পৰা সকাহ লাভ কৰাৰ প্ৰেক্ষাগৃহত অসম আৰু অসমীয়া বাবে এই উদ্ভাৱন যুগান্তকাৰী হিচাপে বিবেচিত হৈছে। আনহাতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কেন্সাৰৰ দৰে ৰোগ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ সময়তে টি পাউদাৰ সমৃদ্ধ খাদ্য উপাদান বিশ্বব্যাপি সমাদৰ লাভ কৰাৰ সময়তে ই অসমীয়াৰ বাবেও মহৌষধ বিবেচিত হৈছে।অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষি কৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগী অধ্যাপিকা ড: অদিতি স্মিথ গগৈৰ নেতৃত্বত অসম কৃষি বিশ্ববিদ্যালয়স্থ ভাৰত চৰকাৰৰ উত্তৰ পূৱ জৈৱ প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰৰ অৰ্থসাহায্যৰে কৰা প্ৰকল্পৰ অধীনত এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। নিজস্ব সুগন্ধি আৰু সোৱাদৰ বাবে বিখ্যাত অসমৰ চাহৰ স্বকীয় গুণমান এই টি পাউদাৰত উপলব্ধ হ’ব। এই পাউদাৰ নিদিষ্ট পৰিমাণত ব্যৱহাৰ কৰি ব্ৰেড,কেক, বিস্কুট আদিৰ জৰিয়তে এন্টিঅক্সিডেন্ট পাব পৰা যাব। যুৱ প্ৰজন্মৰ মাজত বিশেষভাবে জনপ্ৰিয় ফাষ্টফুদৰ সামগ্ৰীৰ সৈতে এই টি পাউদাৰ ব্যৱহাৰ কৰি মানৱ শৰীৰত অধিক পুষ্টি আহৰণ কৰাটো সম্ভৱপৰ হ’ব বুলি আশা কৰা হৈছে। জাপান, চীন, দক্ষিণ কোৰিয়া আদি দেশত বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰা টি পাউদাৰ সমৃদ্ধ উপাদানৰ দৰে এই টি পাউদাৰৰ জৰিয়তে খাদ্যাভ্যাসৰ পৰা অধিক পুষ্টি আহৰণেই নহয় যুৱ প্ৰজন্মকো নতুন সোৱাদৰ খাদ্যৰ জৰিয়তে আকৰ্ষিত কৰাৰ সম্ভাৱনা দেখা গৈছে।
বিশেষভাৱে কৃষকৰ উপযোগীকৈ উদ্ভাৱন কৰা এই প্ৰযুক্তি কৌশলেৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ লগতে বিশেষভাৱে জৈৱিক চাহ খেতিয়কসকল সকাহ লাভ কৰিব। উল্লেখ্য যে অসমে দেশৰ মুঠ চাহৰ ৫০ শতাংশ চাহ উৎপাদন কৰাৰ লগতে বিশ্বৰ ১১ শতাংশ চাহ উৎপাদনৰ গৌৰৱ অৰ্জন কৰিছে। বছৰি চাহৰ উৎপাদন বৃদ্ধি পাইছে যদিও চাহৰ লাভালাভ কমি আহিছে। বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে অধিক দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এনে প্ৰেক্ষাপটত কম ব্যয়েৰে টি পাউদাৰ প্ৰস্তুত কৰা প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি অসমৰ সামগ্ৰিক চাহ অৰ্থনীতিৰ উন্নয়ন হ’ব বুলি আশা কৰা হৈছে।