ৰাজ্যৰ নিৰ্বাচিত চাহ উদ্যোগীৰ অংশগ্ৰহণ

সময়ৰ লগে লগে চাহখেতিত অহা প্ৰত্যাহ্বান আৰু সম্ভাৱনা সমুহৰ সৈতে পৰিচিত হৈ চাহত মুল্য সংযোজনৰ জৰিয়তে উদ্যোগিক সামৰ্থ্যতা বৃদ্ধিৰ ওপৰত এখন উচ্চস্তৰীয় কৰ্মশালা আজি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত অনুস্থিত হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণত অসমৰ বিভিন্ন প্ৰান্তৰ ৩০ গৰাকী চাহ উদ্যোগী তথা ক্ষুদ্ৰ চাহ খেতিয়কে অংশগ্ৰহণ কৰে । চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মুৰব্বী অধ্যাপক ড: মৃদুল ডেকাই আদৰণি ভাষণ আগবঢ়োৱা কৰ্মশালাৰ শুভাৰম্ভনি অনুষ্ঠানত বক্তব্য আগবঢ়াই টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী আজাৰিয়া বাবুৱে গুণগত মানৰ চাহ উৎপাদনৰ সমান্তৰালভাৱে সুচিন্তিত বিপননৰ জৰিয়তে অসমৰ চাহক বজাৰলৈ অধিক আগুৱাই নিব পৰা যাব বুলি প্ৰকাশ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড: অশোক ভট্টাচাৰ্যই আমাৰ প্ৰাকৃতিক পৰিৱেশত উৎপাদিত চাহৰ স্বকীয়তা ৰক্ষাৰ জৰিয়তে অসমৰ চাহৰ মুল্য সংযোজনৰ প্ৰয়োজনীয়তাৰ বিষয়ে ব্যক্ত কৰে। বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: প্ৰসন্ন কুমাৰ পাঠকে অসমৰ চাহে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ সমান্তৰালভাৱে ইয়াৰ মুল্য সংযোজনে দৰিদ্ৰতা নিবাৰণ তথা জীৱনশৈলী নিৰ্ধাৰণত কেনেদৰে সহায় কৰিব পাৰে সেই সম্পৰ্কে আলোকপাত কৰে। বিশ্ববিদ্যালয়ৰ উত্তৰ পূব জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ অৰ্থসাহায্যৰে আয়োজিত এই কৰ্মশালাত বক্তব্য আগবঢ়াই সঞ্চালক ড: বিদ্যুৎ কুমাৰ শৰ্মাই চাহৰ শেহতীয়া ধাৰা আৰু মূল্য সংযোজনৰ জৰিয়তে অধিক আকৰ্ষণীয় ৰূপত উপস্থাপন কৰাৰ বাবে এই পদক্ষেপ হাতত লোৱা হৈছে বুলি উল্লেখ কৰে। জৈৱ প্ৰযুক্তি বিভাগৰ মুৰব্বী ড: এম কে মোদীয়ে বক্তব্য আগবঢ়োৱা অনুষ্ঠানত কৰ্মশালাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ সামুহিক বিজ্ঞানগুৰু ড: মামণি দাস, ছাত্ৰ কল্যাণ সঞ্চালক ড: ৰাণা প্ৰতাপ ভূঞা, চিফ লাইব্ৰেৰীয়ান ড: চন্দন হাজৰিকা, চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড: মদন টাপৰিয়া প্ৰমুখ্যে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট চাহ উদ্যোগীয়ে অংশগ্ৰহণ কৰে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *