যোৰহাট কৃষি মহাবিদ্যালয় শ্ৰেষ্ঠ দল, বাহনা মহাবিদ্যালয়ৰ মৃন্ময় বৰা শ্ৰেষ্ঠ তাৰ্কিক

যোৰহাট,৩০ মে’: যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মূল চৌহদত আজি অনুষ্ঠিত শ্ৰীৰূপ ৰতন সাহা সোঁৱৰণী সদৌ অসম তৰ্ক প্ৰতিযোগিতাত যোৰহাট কৃষি মহাবিদ্যালয়ৰ সৰ্বানন্দ নেওগ আৰু সৌৰভ জ্যোতি বৈশ্যৰ দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। “ভাৰতীয় শিক্ষা ব্যৱস্থাই সমাজত বৈজ্ঞানিক মানসিকতা সৃষ্টি কৰাত ব্যৰ্থ হৈছে ” শীৰ্ষক বিষয়ত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাখনত যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ মৃণ্ময় বৰা আৰু প্ৰজ্ঞান জ্যোতি ভূঞাৰ দলে দ্বিতীয় আৰু বিশ্বনাথ কৃষি মহাবিদ্যালয় আয়ান বাক্সী আৰু পাৰ্থিৱ প্ৰতীম দাসৰ দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ তাৰ্কিক দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ মৃন্ময় বৰাই শ্ৰেষ্ঠ তাৰ্কিক বিবেচিত হয়।যোৰহাট কৃষি মহাবিদ্যালয়ৰ সৰ্বানন্দ নেওগ দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান লাভ কৰে । অসম কৃষি বিশ্ববিদ্যালয় মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত প্ৰতিযোগিতাখনত বিশিষ্ট চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাই অধ্যক্ষৰ দায়িত্ব পালন কৰে । যোৰহাট কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই সন্মানীয় অতিথি হিচাপে বক্তব্যত তৰ্কৰ জৰিয়তে ব্যুৎপত্তি লাভ কৰিব পাৰি বুলি উল্লেখ কৰি এনে প্ৰতিযোগিতাত যোগদান কৰি মানসিক স্থিতি উন্নতি কৰিব পাৰি বুলি উল্লেখ কৰে। কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে তাৰ্কিক হিচাপে যোৰহাটৰ বাহনা মহাবিদ্যালয়ত তৰ্ক প্ৰতিযোগিতাত হোৱা অভিজ্ঞতাৰ বিষয়ে প্ৰকাশ কৰি কয় যে বাহনা কলেজে তৰ্ক প্ৰতিযোগিতাক এক উচ্চ মান্যতা দিছিল ।ইয়াৰ পৰবৰ্তী সময়ত অসমৰ আন আন স্থানত তৰ্ক প্ৰতিযোগিতাই মান্যতা‌ লাভ কৰে । কিন্তু বৰ্তমান লাহে লাহে এই পৰিবেশ স্তিমিত হৈ আহিছে। এনেদৰে অগ্ৰজ সকলে আগবঢ়াই নিনিয়াহলে আজি মই এই পৰ্যায়ত নাহিলোহেতেন বুলি উল্লেখ কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানগুৰু ড: জয়ন্ত ডেকাই আদৰণি ভাষণ আগবঢ়োৱা উদ্ধোধনী অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰীৰূপ ৰতন সাহাৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰা হয়। উদ্ধোধনী অনুষ্ঠানত প্ৰতিযোগিতা আয়োজক সমিতিৰ সভাপতি ড: কুলেন দাসৰ লগতে বিশ্ববিদ্যালয়ৰ বিশেষ বিষয়াসকল, গৱেষক, বিজ্ঞানী সকল, মুৰব্বী অধ্যাপকসকল আৰু শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰে। তৰ্ক প্ৰতিযোগিতাখনত এসময়ৰ সুদক্ষ তাৰ্কিক শাংকৱ কৌশিক বৰুৱা, জ্যোতি প্ৰকাশ বৰা আৰু মানস জ্যোতি বৰাই বিচাৰকৰ আসন অলংকৃত কৰে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *