ভাৰত–চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাত সোমবাৰ নিশা এটা শোকাবহ ঘটনাৰ খবৰ আহিছে। তিনিচুকীয়াৰ পৰা কামৰ বাবে হায়ুলিয়াং–ছাগলাহগাম অভিমুখী ২২ জন শ্ৰমিক লৈ যোৱা এখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ দ’ গাঁতত বাগৰি পৰে। দুৰ্ঘটনাত মুহূৰ্ততে অসমৰ ২২ জন শ্ৰমিকৰ মৃত্য।

ইতিমধ্যে ঘটনাস্থলীত ১৩গৰাকীৰ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাকীসকলৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই। মৃত শ্ৰমিকসকলৰ ভিতৰত আছে তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ ১৮গৰাকী শ্ৰমিক। উল্লেখ্য যে ডাম্পাৰখনত আছিল ২৩গৰাকী শ্ৰমিক। আহতজনৰ মোবাইল ফোন ঘটনাস্থলীতেই পৰি যোৱা বাবে আৰু সেই অঞ্চলত নেটৱৰ্ক সংযোগ নথকাৰ বাবে পৰিয়ালৰ লোকেও দুৰ্ঘটনাৰ বিষয়ে গম পোৱা নাছিল।

মৃত শ্ৰমিকসকলৰ ভিতৰত অধিকাংশেই তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ — বুধেশ্বৰ দীপ, ৰাহুল কুমাৰ, সমীৰ দীপ, জোন কুমাৰ, পংকজ মানকী, অজয় মানকী, বিজয় কুমাৰ, অভয় ভূমিজ, ৰোহিত মানকী, বীৰেন্দ্ৰ কুমাৰ, আগৰ তাঁতী, ধীৰেন চেতিয়া, ৰজনী নাগ, দীপ গোৱালা, ৰামচবক সোণাৰ, সোনাতন নাগ, সঞ্জয় কুমাৰ, কৰণ কুমাৰ আৰু জোনাচ মুণ্ডা। বুদ্ধেশ্বৰ দীপ নামৰ শ্ৰমিকজনক জীৱন্তে উদ্ধাৰ।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *