আজি আলি আয়ে লৃগাং। অসমৰ মিচিং জনগোষ্ঠীসকলৰ হেঁপাহৰ কৃষিভিত্তিক উৎসৱ। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়।
মিচিং ভাষাত “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং” মানে সিঁচিবলৈ আৰম্ভ কৰা; অৰ্থাৎ আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন। সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে। পূৰ্বতে আলি আঃয়ে লৃগাং উৎসৱ পাঁচদিনীয়াকৈ পালন কৰা হৈছিল।
এই উৎসৱৰ প্ৰথমদিনা ৰীতি অনুসৰি শস্য সিঁচা হয়। পথাৰৰ পূব দিশৰ এটা কোণৰ প্ৰায় ২-৩ফুট বহল আৰু ৩-৪ফুট দীঘল ঠাই এটুকুৰা চাফ-চিকুণ কৰা হয়। পুৱাতে ঘৰৰ গৃহস্থই ‘ইগিন’ত লৃগাঙৰ বাবে প্ৰয়োজনীয় বস্তু আদি লৈ পথাৰলৈ যায়। যোৱাৰ পূৰ্বে জুহালত নিৰ্দিষ্ট নিয়মেৰে গৃহৰক্ষক ডাঙৰীয়া, পূৰ্বপুৰুষসকলক সাক্ষী হিচাপে লৈ শস্য সিঁচাৰ শুভকাৰ্যত সফলতা লাভৰ মানসেৰে আৰ্শীবাদ কামনা কৰে।
উল্লেখ্য যে, উৎসৱৰ তিনিসপ্তাহৰ আগতেই ঘৰৰ গৃহিণীহঁতে পঃৰ আপং (ছাইমদ) আৰু নগিন আপং (বগা মদ) আৰু লৃগাংত ব্যৱহাৰ হোৱা তৰাপাতেৰে চাউলৰ টোপোলা বান্ধি প্ৰস্তুত কৰা বিশেষ ভাত পুৰাং আপিন প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰে। লৃগাং উৎসৱত পিন্ধিব পৰাকৈ ছোৱালীবোৰে মোহনীয় প্ৰকৃতিৰ চিত্ৰৰে কিছুমান মচাং, এগ, ৰিঃ বি গাচেম, গেৰঃ দুমৰি বা মনৰ আপোনজনক মৰমৰ উপহাৰ দিবৰ বাবে ৰংচঙীয়া মিবু গালুক আদি সাজি উলিয়াবলৈ চেষ্টা কৰে। গৃহিণীহঁতে দোকমোকালিতে উঠি ঘৰৰ চোতাল, চাংতল আদি সাৰি-মচি পৰিষ্কাৰ কৰে। গাঁৱৰ নদী-বিল, পুখুৰীত সকলোৱে মিলি মাছ ধৰে। আলি আঃয়ে লৃগাং উপলক্ষে ঘৰে ঘৰে পুৰাং, আপং আদিৰ লগতে শুকান মাছৰ চাটনি, মাছৰ আঞ্জা, গাহৰি মাংসৰ তৰকাৰী আদি প্ৰস্তুত কৰে। পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি ‘পুৰাং’ আপিন সিজায়। খোৱা-বোৱাৰ অন্তত নৃত্য-গীত কৰা হয়। ল’ৰা-বুঢ়া, ডেকা-গাভৰু সকলোৱে উলহ-মালহেৰে অংশ লোৱা এই নৃত্যক ‘পাক্ছ-মনাম্’ বোলা হয়। এই নৃত্যৰ সৈতে বজোৱা ঢোলৰ বিশেষ ছেওৰ অনুকৰণত এই নৃত্যক ‘গুম্ ৰাগ্’ বুলিও কোৱা হয়। বৃত্তাকাৰে ঘূৰি ঘূৰি নচা এই নৃত্যৰ ভংগীয়ে ঋতু পৰিৱৰ্তন আৰু জীৱন চক্ৰৰ পৰিৱৰ্তনক প্ৰতিফলিত কৰে। লোকবিশ্বাস মতে এই নৃত্য নকৰিলে ধানৰ গঁজালি ঠন্ ধৰি নুঠে, থোক লেৰেলি যায় বা পোক-পতংগই ক্ষতি সাধন কৰে। এই উৎসৱত পৰিৱেশন কৰা গীতক ‘লৃগাং-নিঃতম’ নামেৰে জনা যায়।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি উলহ মালহেৰে আলি আয়ে লৃগাং পালন কৰা হৈছে। আলি আয়ে লৃগাং উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা, অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ আদিয়ে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।