নিউজ ডেক্স, ৭ জুনঃ উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যবাসীক। শেহতীয়াকৈ তাপ মাত্ৰা ইমানেই বাঢ়িছে যে, সাধাৰণ জীৱন যাত্ৰাত বহুতো প্ৰভাৱ পেলাইছে গৰমে। বিগত কেইবাদিন ধৰি বৰষুণ নোহোৱাৰ ফলত গৰমৰ প্ৰকোপ বৃদ্ধি হৈ আছে। গুৱাহাটী মহানগৰীৰ যান্ত্ৰিকতাৰ পৃথিৱীখনত ভূতৰ ওপৰত দানহ পৰা যেন অৱস্থাৰ সৃষ্টি কৰিছে উৎকট গৰমে। মহানগৰবাসীয়ে এজাক বৰষুণৰ বাবে অধিৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল। অৱশেষত যেন সেই দিন আহিল। মাত্ৰ ৫ মিনিটমানৰ বাবে গুৱাহাটীবাসীয়ে দেখা পালে বৰষুণৰ মুখ। তাকো মহানগৰীৰ সকলো অঞ্চলতে নাহিল হেঁপাহৰ বৰষুণজাক। কিন্তু সেই ৫ মিনিটৰ বৰষুণতেই হুৱাদুৱা লগালে বহুতে। ব্যস্ততাপূৰ্ণ জীৱনত আন বিষয়ৰ দৰেই যেন অধিক গুৰুত্ব পালে বৰষুণজাকে। গুৱাহাটীবাসী ডিজিটেলী ইমানেই ফাষ্ট যে,বৰষুণ অহাৰ কেই ছেকেণ্ডমানৰ ভিতৰতে প্ৰায় সকলোৰে হোৱাটচাপ ষ্টেটাচ, ফেচবুকৰ ৱালে ৱালে ধুমুহাৰ গতিত স্থান পালে বহু প্ৰতীক্ষিত বৰষুণজাকে। কিছুমানে বতৰ বিজ্ঞানীৰ দৰে বৰষুণজাকৰ আগজাননী দিও আপডেট দিছিল সামাজিক মাধ্যমত। এক প্ৰকাৰ ডিজিটেল মাধ্যমত হুৱাদুৱা লগালে একাংশ লোকে। কিন্তু দুৰ্ভাগ্যৰ কথা গৰমৰ পৰা কিছু হ’লেও পৰিত্ৰাণ পাবলৈ অহা হেঁপাহৰ বৰষুণজাকৰ আমেজ মাত্ৰ কেই মিনিটমানৰ বাবেহে পালে গুৱাহাটীবাসীয়ে। কিছু কিছু অঞ্চলত ৰাস্তাৰ ধূলিয়েই নিতিতিল বৰষুণত।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *