‘অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ), গুৱাহাটী’ৰ উদ্বোধনী অনুষ্ঠানৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। অহা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব লগা এই কেন্দ্ৰীয় চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানখনত আজি দুপৰীয়া উপস্থিত হৈ ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী মহন্তই উদ্বোধনী অনুষ্ঠানৰ প্ৰস্ততিৰে জড়িত দিশসমূহ নিৰীক্ষণ কৰে। ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মণ আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সচিব তথা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ৰণবীৰ বৰাক লগত লৈ এইমছ চৌহদত চলি থকা সৌন্দৰ্যবৰ্ধনৰ কামৰ লগতে প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ নিৰ্মীয়মাণ মণ্ডপ আদি পৰিদৰ্শন কৰে। বিভাগীয় মন্ত্ৰীগৰাকীয়ে কামৰূপ জিলা প্ৰশাসনৰ হৈ প্ৰস্তুতি কাৰ্য তদাৰক কৰা ৰঙিয়াৰ মহকুমাধিপতি দ্বীপেন বৰ্মন, এইমছৰ কাৰ্যবাহী আৰু উদ্বোধনী অনুষ্ঠানৰ মণ্ডপ আদিৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ পৰা উদ্বোধন পূৰ্বৰ ব্যৱস্থাপনাৱলীৰ সবিশেষ বুজ লয়। উল্লেখ্য যে, অহা শুক্ৰবাৰে পুৱা ১১.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাংসাৰিত নৱনিৰ্মিত এইমছ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব। এইমছ চৌহদত অনুষ্ঠিতব্য একেটা অনুষ্ঠানৰ পৰাই প্ৰধানমন্ত্ৰী গৰাকীয়ে কোকৰাঝাৰ, নগাঁও আৰু নলবাৰীত নৱনিৰ্মিত তিনিখন চিকিৎসা মহাবিদ্যালয়ো ‘ভাৰ্চুৱেল’ পদ্ধতিৰে শুভ উদ্বোধন কৰিব। তদুপৰি, গুৱাহাটী আইআইটি আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত আইআইটি চৌহদত নিৰ্মাণ কৰিবলৈ লোৱা ‘এডভান্সড হেল্থকেয়াৰ ইনুভেটিভ ইন্সটিটিউট’ নামৰ এক বিশ্বমানৰ অত্যাধুনিক চিকিৎসা-অভিযান্তিক উদ্ভাৱনী প্ৰতিষ্ঠানৰো প্ৰধানমন্ত্ৰীয়ে ‘ভাৰ্চুৱেল’ পদ্ধতিৰে আধাৰশিলা স্থাপন কৰিব।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *