হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কণ কণ শিক্ষাৰ্থীক লৈ যি কাম কৰিছে তাৰ ফল ভোগ কৰিব লাগিব দুষ্ট চক্ৰই। পৰীক্ষাৰ্থীয়ে যি কষ্ট পাইছে সেই পাপৰ ফল ভুগিব দুষ্কৃতিকাৰীসকলে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। এনে গৰ্হিত ঘটনাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে। ভৱিষ্যতে যাতে এনে ঘটনা নহয় তাৰ বাবে চৰকাৰ অতি কঠোৰ হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। প্ৰশ্ন কাকত ফাদিল বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে লৈছে। এনে গৰ্হিত কামত কোন লিপ্ত হৈ আছে চৰকাৰে তদন্ত কৰি অতি সোনকালে বিচাৰি উলিয়াব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। চৰকাৰক শলঠেকত পেলাবলৈ কোনো দুষ্ট চক্ৰই এনে কাম কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই। যদি তেনে ঘটনাই সংঘটিত হৈছে তেন্তে সেই কণকণ পৰীক্ষাৰ্থীসকলে যি কষ্ট পাইছে সেই পাপৰ ফল দুষ্ট চক্ৰই ভোগিব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই। এনে কথাবোৰ সকলোৱে চিন্তা কৰা উচিত। বিষয়টো সন্দৰ্ভত চৰকাৰে তদন্ত কৰি কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *