সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় বাৰ্ষিক অধিবেশন আৰু ১৩০ তম্ প্ৰতিষ্ঠা দিৱটি নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তৰ কপাহেৰাত আজিৰে পৰা দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে । আহোম জনগোষ্ঠীটোৰ লগতে বৃহৎ অসমীয়া জাতিটোৰ নিজস্ব সত্বাক জীয়াই ৰখাৰ স্বাৰ্থত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সদৌ অসম আহোম সভাৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত তথা কপাহেৰা আঞ্চলিক আহোম সভা আৰু স্থানীয় ৰাইজৰ সহযোগত এই কেন্দ্ৰীয় অধিবেশন আৰু প্ৰতিষ্ঠা দিৱসটি নিজ কপাহেৰা মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত স্থাপিত দানবীৰ ৰাধাকান্ত সন্দিকৈ ক্ষেত্ৰত ব্যাপক উলহ-মালহেৰে অনুষ্ঠিত হৈছে ৷ এই মৰ্মে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সমাগমেৰে অধিবেশনস্থলীত উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে ৷ পুৱা চাফাই অভিযানেৰে কাৰ্যসূচী পাতনি মেলাৰ পিছতে মূল পতাকা সদৌ অসম আহোম সভাৰ সভাপতি উমাকান্ত কোঁৱৰে আৰু ১৩০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ১৩০ খন পতাকা আন বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা উত্তোলন কৰা হয় ৷ ইয়াৰ পিছতে সদৌ অসম আহোম সভাৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰৰ দ্বাৰা মৈদাম তৰ্পণৰ সমাপ্তিত পৰিবেশ সজাগতাৰ লক্ষ্যৰে বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ ঠগীত চন্দ্ৰ বৰুৱাই ৷ বৃক্ষৰোপণ অন্তত ফুলেন গগৈ, কৃষ্ণকান্ত বৰা, দিপুল গগৈ আৰু দিলীপ লিকচনৰ দ্বাৰা ফুৰালুং পূজা কৰা হয় । ইয়াৰ পিছতে প্ৰতিনিধি পঞ্জীয়ন, প্ৰহ্লাদ লাহন আৰু দেৱ ডেকাৰ পৰিচালনাত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ দুপৰীয়া উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি পবিত্ৰ কুমাৰ বৰাই প্ৰতিনিধি শিবিৰ মুকলি কৰে ৷ বিয়লি প্ৰতিনিধি আৰু উদযাপন সমিতিৰ অন্তৰংগ আলাপৰ অন্তত প্ৰতিনিধি সভাখনি উদ্বোধন কৰে কেন্দ্ৰীয় পৰামৰ্শদাতা সমিতিৰ সদস্য অৰুণ গগৈয়ে ৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ কাইলৈ দ্বিতীয় দিনা পুৱাৰ ভাগত চাফাই অভিযান আৰু চাহ মেলৰ পিছতে এটি বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ’ব ৷ দুপৰীয়া মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সভাত চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰেখামনি বুঢ়াগোহাঁইৰ সম্পাদনাত প্ৰকাশিত স্মতিগ্ৰন্থ “কাজলী” উন্মোচন কৰা হ’ব ৷ সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব বুলি উদযাপন সমিতিৰ সভাপতি ঠগীত চন্দ্ৰ বৰুৱাই জানিবলৈ দিছে ৷

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *