নিউজ ডেস্ক, ২৩ মে’ঃ কাফ চিৰাপ ৰপ্তানিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰী কেন্দ্ৰৰ। ৰপ্তানিৰ পূৰ্বে কাফ চিৰাপৰ পৰীক্ষা কৰিব লাগিব কোম্পানীসমূহে । যোৱা বছৰ ভাৰতীয় কোম্পানীয়ে তৈয়াৰ কৰা কাফ চিৰাপ সেৱন কৰি গাম্বিয়াত মৃত্যু হৈছিল ৬৬ টা শিশুৰ। ইয়াৰ পিছতেই নিৰ্দেশনা জাৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে। ১ জুনৰ পৰা কাফ চিৰাপ ৰপ্তানি কৰা সকলে চালান ৰপ্তানিৰ বাবে অনুমোদন প্ৰাপ্ত কৰাৰ আগতে নিৰ্দিষ্ট চৰকাৰী পৰীক্ষাগাৰত তেওঁলোকৰ সামগ্ৰী পৰীক্ষা কৰিব লাগিব। ভাৰতীয় কোম্পানীবোৰে ৰপ্তানি কৰা কাহ চিৰাপৰ মানদণ্ডৰ ওপৰত বিশ্বব্যাপী উদ্বেগৰ পিছতে জাৰী কৰিছে এই নিৰ্দেশনা।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *