আজি মাৰকং, নৰতাপ, সোণাপুৰত অনুষ্ঠিত “কাৰ্বি দেহাল (ৰংকেৰ) কাচিৰ্দম উৎসৱ-২০২৩”ত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰীকা। উৎসৱ উপস্থিত থাকি আহ্লাদিত হোৱা মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে যে,
‘কাৰ্বি সমাজৰ ভক্তি, বিশ্বাস তথা সম্ভ্ৰান্ত পৰম্পৰাৰে ঋদ্ধ কাৰ্বি দেহাল (ৰংকেৰ) কাচিৰ্দম উৎসৱে আমাৰ জাতীয় জীৱনক অনন্যতাৰে সমৃদ্ধ-উজ্জীৱিত কৰি ৰাখিছে। আজি মাৰকং, নৰতাপ, সোণাপুৰত অনুষ্ঠিত “কাৰ্বি দেহাল (ৰংকেৰ) কাচিৰ্দম উৎসৱ-২০২৩”ত উপস্থিত থাকি আহ্লাদিত হৈছোঁ। বৈচিত্ৰ্যময় আমাৰ জনজীৱনক চহকী কৰি ৰখা এই উৎসৱে সকলোৰে জীৱন প্ৰাপ্তি-আনন্দেৰে ভৰাই তোলক।’
আজিৰ এই অনুষ্ঠানত কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ কুইন ওজা, বিধায়ক অতুল বৰা, দৰসিং ৰংহাং, তিৱা স্বায়ত্ব শাসিত পৰিষৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, আদৰণি সমিতিৰ সভাপতি সূৰ্য কিলিং সহিতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *