নিউজ ডেস্ক,২০ মে’ঃ কৰ্ণাটকত মুখ্যমন্ত্ৰীৰূপে শপত ললে সিদ্দাৰামায়াই। শপত ললে কংগ্ৰেছ চৰকাৰে। মুখ্যমন্ত্ৰী সিদ্ধাৰমায়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে শপত গ্ৰহণ। বেংগালুৰুৰ কান্তেৰাভা ষ্টেডিয়ামত কৰ্ণাটক চৰকাৰৰ আঠগৰাকী কেবিনেট মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। ডি কে শিৱকুমাৰক উপ-মুখ্যমন্ত্ৰী হিচাপে লৈ পুনৰবাৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে সিদ্দাৰমায়াই। ২০১৩ চনত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ সময়ত সিদ্দাৰমায়াই কান্তেৰাভা ষ্টেডিয়ামতেই শপত গ্ৰহণ কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেকে ধৰি কংগ্ৰেছ দলৰ শীৰ্ষ বিষয়া।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *