২৭ মে, গুৱাহাটীঃ আজি কেটিএম গুৱাহাটী ক্লাব (মেটেল মটৰ্চ)ত কে.টি.এম. এডভেনঞ্চাৰ ৩৯০ এক্স আৰু ৩৯০ ভি আনুষ্ঠানিকভাবে মুকলি কৰে। কে টি এম ইণ্ডিয়াই এডভেনঞ্চাৰ বাইক যাত্ৰাৰ বাবে এই দুখন এডভেনঞ্চাৰ মুকলি কৰিছে। ৩৯০ এক্স মডেলটোৰ বজাৰ মূল্য ২ লাখ ৮০ হাজাৰহোৱাৰ বিপৰীতে ৩৯০ ভি মডেলটোৰ বজাৰ মূল্য ৩ লাখ ৪২ হাজাৰ টকা।

এই মুকলি অনুষ্ঠানটোত মুখ্য অতিথি ৰূপে উপস্থিত থাকে শ্ৰী শ্বাহৱাৰ হুছেইন, প্ৰতিষ্ঠাপক- চেইন ৰিয়েকচন ইণ্ডিয়া আৰু শ্ৰী সঞ্জীব বৰুৱা, সভাপতি- ইষ্টাৰ্ণ মটৰ্চ। লগতে উপস্থিত থাকে পৰিচালন সঞ্চালক- শ্ৰী ৰাজেন্দ্ৰ সিং ৰাজপাল, এডভেঞ্চাৰবাবা ওৰফে শ্ৰী শশাংক ডেকা(জেনেৰেল মেনেজাৰ)।
কেটিএমৰ মতে এই দুঃসাহসিক বাইকসমূহে বহু দূৰত্বৰ ভ্ৰমণকাৰী আৰু অফ-ৰোড অনুৰাগীক আকৰ্ষণ কৰিব।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *