নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩১ মে’: যোৱা ২৮ মে’ৰ নিশা গুৱাহাটী মহানগৰৰ জালুকবাৰী উৰণীয়া সেতুৰ সমীপত সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাত গুৱাহাটী অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত সাত জনকৈ মেধাৱী ছাত্ৰৰ অকালতে প্ৰাণ গৈছিল । এই সকলৰ ভিতৰৰে এজন ছাত্ৰ আছিল নগাঁৱৰ উপাংশু শৰ্মাও । উপাংশুৰ মৃত্যুৰ পাছৰে পৰা এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে উপাংশুৰ নগাঁৱৰ আমোলাপট্টিৰ ঘৰখনত । বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি মেধাবী ছাত্ৰজনৰ বাসগৃহলৈ আহি দুখৰ সমভাগী হোৱাৰ সমান্তৰালভাৱে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশ মৰ্মে প্ৰদেশ কংগ্ৰেছৰ এটি সজাতি দল উপাংশুৰ আমোলাপট্টিৰ বাসগৃহত উপস্থিত হৈ প্ৰয়াত ছাত্ৰ গৰাকীক শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে সাতোজন ছাত্ৰৰ বিদেহ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনায় । সজাতি দলটোৱে প্ৰয়াত উপাংশুৰ শৰ্মাৰ মাতৃক লগ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে । অসমৰ প্ৰদেশ কংগ্ৰেছৰ সজাতি দলটোত আছিল বটদ্ৰৱাৰ বিধায়িকা শিবামনি বৰা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰা আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক মৃণাল শইকীয়া।