নিউজ ডেস্ক, ৯ মে’: গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা ৰাভা মহিলা পৰিষদৰ উদ্যোগত তথা দ্বাৰকা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনূসূচী দাবী কমিটীৰ সহযোগত আগন্তুক ২০ জুন তাৰিখে এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি দ্বাৰকা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ অন্তৰ্গত দ্বাৰকা ৰাভাপাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে জিলা ভিত্তিত উদযাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি দ্বাৰকা আঞ্চলিকৰ অন্তৰ্গত দাবাংপাৰাস্হিত দ্বাৰকা ৰাভাপাৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এটি ৰাজহুৱা সভাত গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিৰন্জন ৰাভা আৰু গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী মনোমা ৰাভাৰ নেতৃত্বত জিলা ৰাভা ছাত্ৰ সন্থা আৰু মহিলা পৰিষদৰ প্ৰতিনিধিৰ উপস্থিতিত ৮ মে’ তাৰিখে এখন অভ্যৰ্থনা কমিটী গঠন কৰা হয়। ৰাভা হাছং স্বায়ত্ত্ব শাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য হৰিছ চন্দ্ৰ ৰাভাক সভাপতি, বিশিষ্ট সমাজকৰ্মী পুকচুং ৰাভাক কাৰ্যকৰী সভাপতি, জুৰন ৰাভা আৰু মহন্ত বৰ্মনক উপ-সভাপতি তথা জয়চন্দ্ৰ ৰাভা দাবাঙক সাধাৰণ সম্পাদক হিচাপে সৰ্ব সন্মতি ক্ৰমে বাচনি কৰি অভ্যৰ্থনা কমিটী গঠন কৰা হয়। দ্বাৰকা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি প্ৰনয় ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জয়ন্ত ৰাভা আৰু ভোগীৰথ ৰাভাক অভ্যৰ্থনা কমিটীৰ সহকাৰী সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰোপৰি বিষ্ণু ৰাভা দিৱস উদযাপনৰ বাবে কেইবাটাও উপ সমিতি গঠন কৰা হয়। ৰাহুল দেৱ ৰাভাক সভাপতি আৰু সঞ্জয় ৰাভাক সাধাৰণ সম্পাদক হিচাপে লৈ বিত্ত উপ-সমিতি, খলিন ৰাভাক সভাপতি আৰু উৰ্বিশ্বৰ ৰাভাক সম্পাদক হিচাপে লৈ সাংস্কৃতিক উপ সমিতি, বিষ্ণুপ্ৰসাদ ৰাভাক সভাপতি আৰু মিলেশ্বৰ ৰাভাক সম্পাদক হিচাপে লৈ খাদ্য উপ সমিতি, কিস্ম ৰাভাক সভাপতি আৰু দেবিছ ৰাভাক সম্পাদক হিচাপে লৈ প্ৰচাৰ উপ সমিতি, ভাৰতী ৰাভাক সভাপতি আৰু নিতুমনি ৰাভাক সম্পাদিকা হিচাপে লৈ অতিথি আপ্য়ায়ন উপ-সমিতি, ছাভেন ৰাভাক সভাপতি আৰু সুচিল ৰাভাক সম্পাদক হিচাপে লৈ যোগান উপ সমিতি গঠন কৰা হয়। ইয়াৰ উপৰিও মঞ্চ, ৰভা আৰু তোৰণ উপ-সমিতি গঠন কৰা হয়। সদৌ ৰাভা কৃষ্টি সন্মিলনীৰ প্ৰাক্তন সভাপতি মদন ৰাভা, দ্বাৰকা গাওঁ পঞ্চায়তৰ সভানেত্ৰী সাবিত্ৰী ৰাভা, বিশিষ্ট সমাজকৰ্মী কাঞ্চন ৰাভা আৰু ভূপেন ৰাভাক অভ্যৰ্থনা সমিতিৰ উপদেষ্টা হিচাপে সৰ্ব সন্মতি ক্ৰমে অন্তৰ্ভুক্ত কৰা হয়। দ্বাৰকা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক মুক্তি নাথ ৰাভাই আঁত ধৰা সভাখনত দ্বাৰকা ৰাভাপাৰা প্ৰাথমিক বিদ্যালয় পৰিচালনা কমিটীৰ বিষয় ববীয়াসকলৰ লগতে বৃহত্তৰ দ্বাৰকা অঞ্চলৰ বহু সংখ্যক গাঁৱৰ সভাপতি সম্পাদক সকলৰ উপৰিও বহু সংখ্যক বিশিষ্ট ব্যক্তি সাধাৰণ সভাত অংশগ্ৰহন কৰে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *