অখিল গগৈৰ অনুমতি নোহোৱাকৈ অসমত কোনেও চিণ্ডিকেট চলাব নোৱাৰেঃ মন্ত্ৰী পীযুজ হাজৰীকা

নিউজ ডেক্স, ৯ জুনঃ অসমত যদি চিণ্ডিকেট চলি আছে বিধায়ক অখিল গগৈয়ে মোত কৈ ভালদৰে জানে। অখিল গগৈক টকা নিদিয়াকৈ অসমত কোনেও চিণ্ডিকেট চলাব নোৱাৰে। যিসকলে চিণ্ডিকেট চলায় অখিল গগৈ তেওঁলোকৰ বাপেক। আজি জাগীৰোডত সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈক প্ৰত্যুত্তৰ দি এই মন্তব্য আগবঢ়ায় মন্ত্ৰী পীযুষ হাজৰীকাই। লগতে তেওঁ কয়, যদি অসমত চিণ্ডিকেট চলি আছে, তেন্তে তেওঁলোকৰ পৰা অখিল গগৈয়ে ধন সংগ্ৰহ কৰি আছে। ৰাজ্যত য’ত য’ত চিণ্ডিকেট চলি আছে সকলো জ্ঞাত অখিল গগৈৰ। যদি ক’ৰবাত চিণ্ডিকেট চলি আছে অখিল গগৈয়েই বন্ধ কৰিব পাৰিব। কাৰণ চিণ্ডিকেট চলায় তেওঁৱেই। অখিল গগৈৰ অনুমতি নোহোৱাকৈ অসমত কোনেও চিণ্ডিকেট চলাব নোৱাৰে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। অখিল গগৈয়ে আৰটিআই মাৰি, আন্দোলন কৰি, মানুহক ব্লেকমেইল কৰেই গতিকে ক’ৰবাত যদি চিণ্ডিকেট চলিছে তেওঁৰ নেতৃত্বতেই চলিছে। লগতে বিধায়ক অখিল গগৈক চিণ্ডিকেট বন্ধ কৰিবলৈ আহ্বান জনায় মন্ত্ৰী পীযুজ হাজৰীকাই।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *