চাপৰঃ ৰাজ্যত কিছুমাহ পূৰ্বে বহু বিদ্যালয় শিক্ষাবিভাগে একত্ৰিকৰণ কৰিছে। একত্ৰিকৰণৰ ফলত বহু বিদ্যালয় বন্ধ হৈ পৰিছিল। ফলত একাংশ শিক্ষকৰ বাবে এয়া হৈ পৰিছে সোণৰ কণী দিয়া হাঁহ। চাপৰ-শালকোচা শিক্ষাখণ্ডৰ অন্তৰ্গত চাপৰৰ ৰঙামাটিৰ ছছলাপাৰা গাঁৱৰ চৈবাৰী ছছলাকান্দা প্ৰাথমিক বিদ্যালয় একত্ৰিকৰণ কৰে জুবলীকান্দা প্ৰাথমিক বিদ্যালয়ৰ সৈতে। ফলত চৈবাৰী ছছলাকান্দা প্ৰাথমিক বিদ্যালয় বন্ধ হৈ পৰে। আৰু তাৰে সুযোগ গ্ৰহণ কৰি বিদ্যালয়খনৰ টিনপাতকে ধৰি বিভিন্ন যাৱতীয় সামগ্ৰী চৰকাৰী নিৰ্দেশনা অবিহনে অবৈধভাৱে ফিৰোজ আলম নামৰ এই গৰাকী শিক্ষকে পৰিচালনা সমিতিৰ একাংশৰ সহোযোগত বিক্ৰী কৰি ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই বিষয়ত চাপৰ-শালকোচা শিক্ষাখণ্ড বিষয়া জিন্না আলমক স্থানীয় ৰাইজে বাৰম্বাৰ জনোৱাৰ পিছত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বিষয়াগৰাকীৰ ওপৰত সন্দেহৰ আঙুলি উঠিছে। কিয় আজিলৈ বিষয়াগৰাকীয়ে এই বিষয়ত নিৰৱ হৈ আছে। নে গোপন বুজাবুজিৰ মাধ্যমত বিষয়া গৰাকীয়ে অনুমতি প্ৰদান কৰিছে এয়া হৈ পৰিছে ডাঙৰ প্ৰশ্ন?