নিউজ ডেস্ক,২৪ মে’ঃ জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰত ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হয় ৭ জন লোক। শ্ৰমিক কঢ়িওৱা বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা। দ খাৱৈত পৰি মৃত্যু হয় ৭ জন শ্ৰমিকৰ। আহত হয় কেইবাজনো লোক। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰে শ্ৰমিক সকলক। আঘাতপ্ৰাপ্ত সকলক প্ৰয়োজন অনুসৰি জিলা চিকিৎসালয় কিষ্টৱাৰত ভৰ্তি কৰা হয়। বৰ্তমানলৈ চিনাক্ত হোৱা নাই বহুকেইজন শ্ৰমিকৰ পৰিচয়। তথ্য অনুসৰি দুৰ্ঘটনাটো দাংদুৰু বান্ধৰ স্থানৰ ওচৰত সংঘটিত হয়।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *