জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত চলি থকা তৃতীয় পৰ্যায়ৰ গুণোৎসৱ কাৰ্যসূচীৰ অধীনত মৰিগাঁও জিলাৰ জাগীৰোডৰ দুখন বিদ্যালয় পৰিদৰ্শন কৰে। প্ৰথমতে মন্ত্ৰীগৰাকীয়ে বিষ্ণু ৰাভা স্মৃতি প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ শ্ৰেণীকক্ষত সোমাই ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ শৈক্ষিক অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকল আৰু পৰিচালনা সমিতিৰ সৈতেও বিদ্যালয়খনৰ পৰিচালনা সন্দৰ্ভত কথা পাতে। জাগীৰোড সমষ্টিৰে বিধায়ক মন্ত্ৰী হাজৰীকাই বিদ্যালয়খনৰ উন্নয়ন সাধনৰ ক্ষেত্ৰতো সৰ্বতোপ্ৰকাৰে সহযোগিতা কৰিব বুলি উপস্থিত অভিভাৱক আৰু স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে।

পাছত মন্ত্ৰী হাজৰীকাই এন এফ ৰেলৱে মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনত চলি থকা গুণোৎসৱ কাৰ্যসূচীত অংশ লয়। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি আৰু তেওঁলোকৰ আগ্ৰহ দেখি মন্ত্ৰীগৰাকী অভিভূত হৈ পৰা বুলি পাছত মন্তব্য কৰে। বিদ্যালয়খনতে মন্ত্ৰী হাজৰীকাই ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰাৰ লগতে এটি বৃক্ষৰোপন কাৰ্যসূচীতো অংশগ্ৰহণ কৰে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *