নগাঁও জিলাৰ জাজৰিত মঙলবাৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিৰ উদ্যোগত যোৱা ২৮ মে’ত যৌন নিৰ্যাতনৰ বিৰুদ্ধে ন্যায় বিচৰা আন্দোলনকাৰীৰ ওপৰত দিল্লী আৰক্ষীয়ে কৰা অত্যাচাৰ আৰু মহিলা মল্লযুঁজাৰু সকলৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে তথা যৌন নিৰ্যাতন চলোৱা প’কছোত অভিযুক্ত বিজেপিৰ সংসদ বৃজভূষণ চৰণ সিংৰ সাংসদ পদ খাৰিজ আৰু গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সন্থাৰ নেত্ৰী নিলুফা চুলতানা আৰু ৰূপা বেগমৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ সন্থাৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগমে কয় যে–অ’লিম্পিক, এছিয়ান গেমছ আৰু ছাফ গেমছত দেশলৈ গৌৰৱ কঢ়িয়াই অনা পদক বিজয়ী মহিলা মল্লযুঁজাৰু সকলৰ ওপৰত বিজেপি দলৰ সাংসদ বৃজভূষনে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি আজি প্ৰায় চল্লিশ দিন ধৰি দিল্লীৰ যন্তৰ মন্তৰত ন্যায় বিচাৰি প্ৰতিবাদ অব্যাহত ৰাখিছে । দেশলৈ গৌৰৱ কঢ়িয়াই অনা এই মহিলা খেলুৱৈ সকলৰ ন্যায় প্রদানৰ বাবে দেশৰ বিভিন্ন গণতান্ত্ৰিক দল-সংগঠনে এই প্ৰতিবাদৰ প্রতি সমর্থন জনোৱাৰ পাছতো মোদী চৰকাৰে বিষয়টো সম্পূৰ্ণৰূপে উপেক্ষা কৰাই নহয় বৰং দেশৰ নতুন সংসদ ভৱন উদ্বোধনৰ দিনা নতুন সংসদ ভৱনৰ সন্মুখত “মহিলা পঞ্চায়ত” অনুষ্ঠিত কৰাৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছিল তাক মষিমূৰ কৰিবলৈ সিদিনা দিল্লী আৰক্ষীয়ে নৃশংস হামলা কৰিছিল ৷ নেত্ৰীগৰাকীয়ে লগতে কয় যে–দেশবাসীয়ে উন্নাও, কাঠুৱাৰ পৰা বিলকিচ বানুৰ কথা নিশ্চয় পাহৰা নাই । শেহতীয়াকৈ দেশৰ গৌৰৱ মহিলা খেলুৱৈ সকলৰ প্ৰতি কৰা আচৰণ আৰু অসমৰ জোনমণি ৰাভাৰ অস্বাভাৱিক আৰু সন্দেহজনক মৃত্যুৰ ঘটনাই বিজেপি দল তথা চৰকাৰৰ ওচৰত নাৰী সমাজ যে নিৰাপদ নহয় এই কথাটো বাৰুকৈয়ে প্ৰমাণিত হৈছে । যি সময়ত দেশৰ ৰাষ্ট্ৰপতি মহিলা সেই সময়ত নাৰীৰ মৰ্যাদা আৰু স্বাধীনতা লুণ্ঠিত হোৱাটোৱে বিজেপি দল আৰু চৰকাৰৰ মহিলা বিৰোধী চৰিত্ৰৰ প্ৰকাশ ঘটিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপণ কৰে ৷ ইফালে, এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে সন্থাৰ ৰাজ্যিক সমিতিয়ে ইতিমধ্যে উক্ত দাবীৰ ভিত্তিত ৰাজ্যজুৰি চলাই থকা গণস্বাক্ষৰ অভিযান কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *