সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যক্ৰম “চোতাল” শীৰ্ষক অনুষ্ঠানটি নগাঁও জিলাৰ জাজৰিৰ ঢলপুৰীয়াত সোণাইপৰীয়া শাখা কবি সন্মিলনৰ উদ্যোগত আৰু নগাঁও জিলা কবি সন্মিলনৰ সহযোগত সফলতাৰে সম্পন্ন হয় ৷ নগাঁও জিলাৰ অন্যতম সক্ৰিয় শাখা সোণাইপৰীয়া শাখা কবি সন্মিলনৰ অন্যতম সদস্য তথা কবি দেৱ বৰাৰ জাজৰি ঢলপুৰীয়াস্থিত গৃহৰ চোতালত এই কাৰ্যক্ৰম বিয়লিৰ পৰা সন্ধিয়ালৈকে অনুষ্ঠিত হয় ৷ শিশু সাহিত্যিক ত্ৰৈলোক্য ভটাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিৰ আৰম্ভণিতে তাছভি মহন্তই বৰগীত পৰিবেশন কৰাৰ পিছতে কবি কবীন পাটৰে কবিতা পাঠৰ শুভাৰম্ভণি ঘটাই ৷ নবীন কবি দেৱ বৰাৰ ওপজা দিনো উদযাপন কৰা অনুষ্ঠানটোত বিশিষ্ট কবি দীপ্তি বৰা, ৰাজেন বৰা, মিনতি দেবী কাকতি, হাচিনা মমতাজ, তুলিকা দেবী, চন্দ্ৰ বৰা, ৰাজু সমীৰণ, ৰূপম নাথ, বিকাশ হাজৰিকা আদিয়ে কবিতা পাঠ কৰাৰ উপৰি অঞ্জনা বৰা, জয়ন্তী বৰা, নিলোফাৰ চুলতানা, প্ৰেৰণা বৰা, সোণাক্ষী বৰা, পুশাজ্যা ৰাণী চৌধুৰীকে ধৰি আন বহুকেইগৰাকীয়ে বিহু নৃত্য, জিকিৰ, বিয়া নাম, আই নাম, কবিতা আবৃত্তি, বাঁহী বাদন আদিৰ লগতে কণ্ঠশিল্পী তৰুণ শইকীয়া, ৰঞ্জন বেজবৰুৱা, কানু কন্দলি, গোবিন শইকীয়া আদিয়ে গীত পৰিবেশন কৰে ৷ সদৌ অসম কবি সন্মিলনৰ সম্পাদক চৈয়দ পাৰভিজ হুছেইনকে ধৰি বিষয়ববীয়া ভবেন চন্দ্ৰ নাথ, পৱন শৰ্মা, মদাৰজ্যোতি, নগাঁও জিলা কবি সন্মিলনৰ বিষয়ববীয়া দ্বিজেন্দ্ৰ নাথ হাজৰিকা, ৰাজু শইকীয়া, তুলিকা দেবী, ৰীপামনি কাকতি, কবি কেশৱ বৰা, লেখক ঠগিত মহন্ত, প্ৰবীন শিক্ষাবিদ ৰানাপ্ৰকাশ বৰা, জগন্নাথ গোস্বামী, বিশিষ্ট লেখক মোলান লস্কৰ আৰু দুলাল বৰা আদিয়ে বক্তব্য ৰখা অনুষ্ঠানটোত সমাজ সংগঠক নীলকমল শইকীয়া, ৰিণ্টু বৰা, সমীৰ হাজৰিকা, দীপক মহন্ত, আচফিয়া চুলতানা, দীপজ্যোতি বৰা, দীপজ্যোতি কাকতি, অশোকৰাম ভটাচাৰ্য, নিৰলা শইকীয়া, দিলীপ শইকীয়া, ধনমণি শইকীয়া, কৰবী শইকীয়া, ৰাহুল বৰদলৈ, গায়ক জিতু শ্ৰাৱণ আদি উপস্থিত থাকে ৷ উক্ত অনুষ্ঠানতে দেৱ বৰাৰ সম্পাদনাত “ৰাজপথৰ কবিতা”ৰ ২১ সংখ্যক সংখ্যাটিও উন্মোচন কৰা হয় ৷ ইয়াৰোপৰি গীত-মাত-কবিতা, নৃত্য, জিকিৰ আদি পৰিবেশিত হোৱা অনুষ্ঠানৰ আগতে সদৌ অসম কবি সন্মিলনৰ সোণাইপৰীয়া শাখাটিৰ সঞ্জীৱ সাগৰ চৌধুৰীক সভাপতি আৰু দেৱ বৰাক সম্পাদকৰূপেলৈ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ৷