নিউজ ডেস্ক,২৭ জুনঃ ডিউটি শেষ হোৱাৰ বাবেই বিমান চলাবলৈ অস্বীকাৰ পাইলটৰ। জয়পুৰত সৃষ্টি হৈছে এই ঘটনাৰ। লণ্ডন-দিল্লীৰ পৰা অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ পাইলটজনে বেয়া বতৰৰ বাবে জয়পুৰত জৰুৰী অৱতৰণ কৰাৰ পিছত উৰা মাৰিবলৈ অস্বীকাৰ কৰে। জয়পুৰত জৰুৰী অৱতৰণৰ প্ৰায় ২ ঘণ্টাৰ পিছত, দিল্লী এটিচিয়ে ইয়াৰ কাম-কাজ পুনৰ আৰম্ভ কৰিবলৈ বিমানখনক অনুমতি দিছিল যদিও পাইলটজনে বিমানৰ কৰ্তব্যৰ সময় সীমা শেষ হোৱা বুলি উল্লেখ কৰি উৰা মাৰিবলৈ অস্বীকাৰ কৰে। যাৰ বাবে প্ৰায় ৩৫০ গৰাকী যাত্ৰীয়ে ৬ ঘন্টাতকৈ অধিক সময় অপেক্ষা কৰি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লগা হয়।কিছুমান যাত্ৰীয়ে টুইটাৰত ভিডিঅ’ পোষ্ট কৰিছিল যিহেতু তেওঁলোকক তেওঁলোকৰ অন্তিম গন্তব্য দিল্লীলৈ যাবলৈ কোনো সহায় আগবঢ়োৱা হোৱা নাছিল।