নিউজ ডেস্ক,১৬ মে’ঃ আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়াত অনুষ্ঠিত পঞ্চম জিলা উপায়ুক্ত সন্মিলনত অংশগ্ৰহণ কৰে। কালি জিলা উপায়ুক্ত সন্মিলনত ৰাজ্যৰ জিলাসমূহৰ উপায়ুক্তসকলক পাঁচটা গোটত বিভক্ত কৰি ৰাজ্য চৰকাৰৰ এগৰাকী মাননীয় মন্ত্ৰী আৰু এগৰাকী অতিৰিক্ত মুখ্য সচিবৰ সৈতে দিনজোৰাকৈ সমীক্ষা বৈঠক অনুষ্ঠিত হৈছিল। পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈ চলা এই সমীক্ষা বৈঠকত গোটসমূহৰ সন্মুখত জিলা উপায়ুক্তসকলে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ সন্দৰ্ভত উপস্থাপন দাঙি ধৰে। ৰাজ্য চৰকাৰে সমষ্টি পৰ্যায়লৈ জিলা উপায়ুক্তৰ কাৰ্যালয় লৈ যোৱাৰ গ্ৰহণ কৰা পৰিকল্পনাৰ সঠিক কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় ৰূপৰেখা প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে আলোচনা কৰা হ’ব। আনহাতে কাইলৈ উপায়ুক্ত সন্মিলনত অসম চৰকাৰৰ ১২খন ধ্বজাবাহী আঁচনিৰ সমগ্ৰ ৰাজ্যতে ৰূপায়ণৰ স্থিতি সন্দৰ্ভতো আলোচনা কৰা হ’ব। প্ৰতি ৬মাহৰ মূৰে মূৰে অনুষ্ঠিত হোৱা জিলা উপায়ুক্ত সন্মিলনৰ পৰৱৰ্তী সন্মিলনখন উত্তৰ লখিমপুৰত অনুষ্ঠিত হোৱাৰ লগতে আগন্তুক জুন মাহত বঙাইগাঁৱত ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলৰ সন্মিলন অনুষ্ঠিত হ’ব। জিলা উপায়ুক্ত সন্মিলনৰ আজিৰ বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে কেবিনেট মন্ত্ৰীসকল শ্ৰীৰণজিৎ কুমাৰ দাস, শ্ৰীঅতুল বৰা, শ্ৰী ইউ জি ব্ৰহ্ম, শ্ৰীকেশৱ মহন্ত, শ্ৰীপৰিমল শুক্লবৈদ্য, শ্ৰীমতী অজন্তা নেওগ, শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী, ডাঃ ৰণোজ পেগু, শ্ৰীযোগেন মহন, শ্ৰীসঞ্জয় কিষাণ, শ্ৰীঅশোক সিংহল, শ্ৰীবিমল বড়া, শ্ৰীমতী নন্দিতা গাৰ্লোছাৰ উপৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীৰামেশ্বৰ তেলী তথা মুখ্য সচিব শ্ৰীপৱন কুমাৰ বৰঠাকুৰকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।