নিউজ ডেস্ক,২৮ জুনঃ তিনি ককায়েকৰ হত্যাৰ বলি হ’ল ভনীয়েক। দেশত পুনৰ সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা। এইবাৰ ঘটনাৰ স্থান ৰাজস্থানৰ ঢোলপুৰত। তিনিজন ককায়েকে অবৈধ সম্পৰ্ক থকাৰ সন্দেহত হত্যা কৰিছিল ভনীয়েক। তিনি ককায়েকে হত্যা কৰি শৰীৰটো বান্ধি পেলাই দিছিল পুখুৰীত । ৰাজস্থানৰ ঢোলপুৰৰ বাচাই দাং আৰক্ষী থানা অঞ্চলৰ নিভি কা তালত উদ্ধাৰ কৰা হয় মৃতদেহটো। ইতিমধ্যে আৰক্ষী বিষয়াই চিনাক্ত কৰিছে ৩৫ বছৰীয়া অনিতা প্ৰজাপতক । মহিলাগৰাকীৰ তিনিজন ককায়েকৰ বিৰুদ্ধে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । বাচাই দাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মোহন সিঙে কয় যে মহিলাগৰাকীক ৩৫ বছৰীয়া অনিতা প্ৰজাপত আৰু তাই আগ্ৰাৰ বাসিন্দা আছিল। মহিলাগৰাকীৰ পৰিয়াল আগ্ৰাৰ মধু নগৰত আৰু তেওঁৰ শহুৰেক গণেশ নগৰ দয়াল বাগত আছে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে অনিতাৰ স্বামী মানসিকভাৱে অসুস্থ।