নিউজ ডেস্ক,১০ জুনঃ তীব্ৰগতিত বৃদ্ধি পাইছে বিপৰ্যয় ঘূৰ্ণী বতাহৰ বেগ। আগন্তুত ২৪ ঘন্টাত বিপৰ্যয়ে লব ভয়ংকৰ ৰূপ। সতৰ্কবাণী জাৰি কৰিলে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। যি কোনো মুহুৰ্তত বিপৰ্যয়ে সংহাৰীৰূপ ধাৰণ কৰিব পাৰে। আৰৱ সাগৰত সৃষ্টি হৈছে প্ৰচণ্ড ঢৌৰ। ১৪ জুন পৰ্যন্ত পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছে তিথাল। অসম তথা উত্তৰ পূৰ্বাঞ্চলতো প্ৰভাৱ পৰিব বিপৰ্যয়ৰ। উপকূলীয় এলেকা এৰি নিৰাপদ স্থানলৈ যাবলৈ আহ্বান প্ৰশাসনৰ। গুজৰাটতো পৰিছে বিপৰ্যয়ৰ প্ৰভাৱ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কয় যে “পূব-মধ্য আৰু ইয়াৰ কাষৰীয়া দক্ষিণ-পূব আৰৱ সাগৰৰ ওপৰত ঘূৰ্ণীবতাহ বিপৰ্যয় যোৱা ছয় ঘণ্টাত ২ কিলোমিটাৰ বেগত প্ৰায় উত্তৰ দিশে গতি কৰিছিল আৰু একেটা অঞ্চলৰ ওপৰত ৫.৩০ ঘণ্টাত কেন্দ্ৰীভূত হৈছিল। গোৱাৰ পৰা প্ৰায় ৮৯০ কিলোমিটাৰ পশ্চিম-দক্ষিণ-পশ্চিমত, মুম্বাইৰ পৰা ১,০০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমত। পোৰবন্দৰৰ পৰা 1,070 কিমি দক্ষিণ-দক্ষিণ-পশ্চিমআৰু কৰাচীৰ পৰা 1,370 কিমি দক্ষিণে”।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *