সমাগত বিধানসভাৰ ত্ৰিপুৰাৰ ৬০টা বিধানসভা সমষ্টিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভৰ বাবে বিজেপি দলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। ৰাজ্যখনত পুনৰ গেৰুৱা বাহিনীৰ দখলত অনাৰ বাবে বিজেপিয়ে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। ত্ৰিপুৰাৰ নিৰ্বাচনৰ সকলো দিশ ৰাষ্টীয় বিজেপিয়ে নিয়ন্ত্ৰণ কৰাৰ লগতে এইক্ষেত্ৰত গুৰুদায়িত্ব অৰ্পন কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী তথা নেডাৰ আহ্বায়কগৰাকীক। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱাই বিগত কেইবাদিন ধৰি বাহৰ পাতি আছে ত্ৰিপুৰাত। ৰাজ্যখনত মাৰাথন প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱা। অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই এতিয়া ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে ত্ৰিপুৰাত। বিগত কেইদিনমান একেৰাহে কেইবাটাও বিধানসভা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ড০ শৰ্মাই। স্বভাৱসুলফ উদাত্ত ভাষণেৰে ত্ৰিপুৰাত কেইবাখনো বিশাল জনসভাত সম্বোধন কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী ড০ শৰ্মা। বিশাল জনসভাত সম্বোধন কৰি বিকাশ তথা উন্নয়নৰ অন্য এটা ঢৌ ৰাজ্যখনত এৰি দিবলৈ বিজেপিক ভোট দিবলৈ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ডাবল ইঞ্জিনৰ চৰকাৰে ত্ৰিপুৰাক উন্নতিৰ শিখৰলৈ লৈ যাব বুলি সাংবাদিকক সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মোদীৰ দৰে ইঞ্জিন থাকিলে বহু স্পীডত চৰকাৰ চলিব। মুখ্যমন্ত্ৰীগৰাকীৰ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ সভাত হেজাৰ হেজাৰ লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। নিৰ্বাচনী প্ৰচাৰ চলাই আগৰতলা বীৰ বিক্ৰম বিশ্ববিদ্যালয় চৌহদত দলীয় কৰ্মীসকলৰ সৈতে চাহৰ জুতি লোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে খন জনসভাত কয় যে, এটা নিৰ্বাচনৰ বাবেই ত্ৰিপুৰাক কেতিয়াও বিভাজিত হবলৈ নিদিয়ে বিজেপিয়ে।
সমান্তৰালভাৱে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱায়েও দলে প্ৰদান কৰা দায়িত্ব সুচাৰুৰূপে পালন কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মন্ত্ৰী পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱায়ো ত্ৰিপুৰাৰ ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বিগত কেইবাদিন ধৰি ত্ৰিপুৰাৰ প্ৰতাপগড় সমষ্টি, বাধাৰঘাট সমষ্টিত তৃণমূল পৰ্যায়ত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে মন্ত্ৰী পীযুষ হাজৰীকাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশতে অব্যাহত থকা প্ৰগতিৰ যাত্ৰাত ত্ৰিপুৰাবাসীক সক্ষমতাৰে খোজ দিবলৈ আহ্বান জনাই মন্ত্ৰী হাজৰীকাই। ঠিক একেদৰে ত্ৰিপুৰাৰ খোয়াই সমষ্টি, আশাৰামবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। সকলোৰে সহযোগত বিজেপিৰ মিত্ৰজোঁটে সমাগত ত্ৰিপুৰা বিধানসভা নির্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ’ব মত প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ত্ৰিপুৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ দ্বাৰাও নিৰ্বাচনী প্ৰচাৰ অভিযান চলাইছে বিজেপি দলে। ৯ ফেব্ৰুৱাৰীত বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ত্ৰিপুৰা নিৰ্বাচনৰ বিজেপিৰ ইস্তাহাৰ মুকলি কৰিব। ত্ৰিপুৰাৰ জনসাধাৰণক সম্পূৰ্ণ আস্থাত লৈ তেওঁলোকৰ আশা আকাংক্ষা পূৰণৰ বাবে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰে নিৰ্বাচনত বিজয় হোৱাৰ পথ সুনিশ্চিত কৰিব।
