নগাঁও জিলাৰ প্ৰাচীনতম ধিং শতদল শাখা সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখনি সফলতাৰে সম্পন্ন হৈ যায় । এই উপলক্ষে শাখা সভাৰ সভাপতি মৃগাংক বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনি শেৱালি কবি ৰত্নকান্ত বৰকাকতীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ দ্বাৰা মুকলি কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই ৷ ধিং শতদল শাখা সাহিত্য সভাৰ সম্পাদক হৰগোবিন্দ শইকীয়াই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা ৷ অসমীয়া মাধ্যমৰ সম্পৰ্কত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা সভাখনিত শাখা সভাৰ পত্ৰিকাখনি উন্মোচন কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই । সভাত নগাঁও জিলা সাহিত্য সভাৰ পৰা সহকাৰী সম্পাদক ৰাজীৱ হাজৰিকা, কাৰ্যালয় সচিব অধৰ ঠাকুৰীয়া আৰু প্ৰাক্তন সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য খেল আহমেৰ লগতে ধিং শতদল শাখা‌ সাহিত্য সভাৰ অৰ্ধ শতাধিক সভ্য আৰু স্থানীয় সাহিত্যপ্ৰেমী ৰাইজ উপস্থিত থাকে ৷ উক্ত সভাতে বিশিষ্ট কবি মমতা নায়কক সভাপতি, হিৰণ্য হাজৰিকাক উপ সভাপতি আৰু মুকুল কলিতাক সম্পাদক হিচাপে নিৰ্বাচন কৰি আগন্তুক ২০২৩-২৫ বৰ্ষৰ বাবে শাখাৰ নতুন ‌কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *