নগাঁও, ২৩ মে’: নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বেঙেনাআটি গাঁৱৰ পথাৰত কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত আৰু এপাৰ্টৰ সহযোগত মঙলবাৰে আধুনিক প্ৰযুক্তি সম্বলিত সঁজুলি কম্বাইন হাৰ্ভেষ্টাৰৰ দ্বাৰা বৰোধানৰ খেতি চপোৱা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ আচলতে, কৃষকক কম খৰছত, কম সময়ত আৰু শ্ৰমিকৰ অভাৱ দূৰ কৰি আধুনিক প্ৰযুক্তিৰ জৰিয়তে কিদৰে বৰোধান চপাব পাৰি সেয়া ৰাইজৰ মাজত প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই মৰ্মে, কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড° অনিমেষ ডেকাই আঁত ধৰা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ মূৰব্বী ড° নিৰঞ্জন ডেকাই কয় যে- বিশ্বৰ দ্বিতীয় শ্ৰেষ্ঠ উৎপাদন ক্ষেত্ৰত ধানে দেশৰ খাদ্য আৰু অৰ্থনৈতিক দিশত গুৰুত্বপুৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । পূৰ্বতে প্ৰতিকূল বতৰ, প্ৰাকৃতিক দুৰ্যোগ আৰু শ্ৰমিকৰ খৰছৰ বাবে কৃষক সকল ক্ষতিগ্ৰস্ত হৈছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত কৃষি যান্ত্ৰিকিকৰনৰ দ্বাৰা বৰ্তমান কম খৰছত, কম সময়ত প্ৰতিকূল পৰিস্থিতিৰ লগত যুঁজ দিবলৈ বহু নতুন উদ্ভাৱন কৰা হৈছে ৷ অনুুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশ গ্ৰহণ কৰি নগাঁও জিলা কৃষি বিষয়া ৰঞ্জন ডেকাই কৃষকক ধানৰ জাত নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত কৃষি বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱাৰ বিপৰীতে আন এগৰাকী অতিথি তথা মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্য বিজ্ঞানী ড° হিৰণ্য কুমাৰ বৰাই ভাৰতীয় কৃষি ব্যৱস্থাৰ বৰ্তমান উন্নতিৰ হৈছে আৰু কৃষি ক্ষেত্ৰত দেশ আগবাঢ়িছে বুলি প্ৰকাশ কৰে । তদুপৰি এপাৰ্টৰ আৱাসিক পৰামৰ্শদাতা ড° বীৰেন্দ্ৰ যাদৱে অসমৰ বান, খৰাং আদি প্ৰকৃতিক দুৰ্যোগৰ লগতে কম খৰছত শ্ৰমিকৰ নাটনিৰ লগত যুঁজ দি অধিক উৎপাদনৰ বাবে এপাৰ্টৰ বিভিন্ন উদ্ভাৱন সমূহৰ বিশ্লেষণ কৰে ৷ আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী জ্যোতি বিকাশ নাথ, সূৰ্যকান্ত খাণ্ডাই, প্ৰকল্প সহযোগী প্ৰিয়ংকা ডেকা, অলংকিতা দত্ত, পথাৰ শষ্য বিশেষজ্ঞা ড° বন্তি গগৈ, ৰজনীশ সেনৰ লগতে নগাঁও আৰু হোজাই জিলাৰ শতাধিক প্ৰগতিশীল কৃষকৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড° চিংকি বৰ্মনে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *