আৰক্ষীৰ ভিতৰছোৱাত জোকাৰণিৰ সৃষ্টি কৰা ঘগ্ৰাপাৰ থানাৰ কিশোৰী নিৰ্যাতনৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাই দেওঁবাৰে নগাঁও জিলাৰ কাতিমাৰী গ্ৰান্টত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সন্থাৰ নগাঁও সদৰ সমিতিৰ উদ্যোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক মহিলাই অংশগ্ৰহণ কৰি “ঘগ্রাপাৰা থানাত মহিলাক নিৰ্যাতন কৰা হ’ল কিয় হিমন্ত বিশ্ব শৰ্মাই জৱাব দিয়ক”, “মহিলাৰ যৌন শোষণত অভিযুক্ত বিমল ৰয়ক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰক”, “বিজেপি হটাও বেটি বচাও”, “নাৰীৰ নিৰাপত্তা দিয়াত বিফল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পদত্যাগ কৰক” আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ কার্যসূচীত সন্থাৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগমে অংশ গ্ৰহন কৰি কয় যে–আইনৰ ৰক্ষক যেতিয়া অপৰাধী হয় আৰু অপৰাধৰ লগত যুক্ত হয় তেতিয়া নিশ্চিত ভাৱে জনসাধাৰণ জীৱনৰ নিৰাপত্তাৰ সংকটত পৰে । এনে সময়ত ৰাইজৰ এক মাত্ৰ বিকল্প হৈ পৰে সংঘবদ্ধ হোৱা আৰু সংগ্রাম কৰা । যোৱা ২৬ জুনত মহিলাৰ সন্মান হানিকৰ কাণ্ডৰ ২৯ জুনলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰি অপৰাধী আৰক্ষী বিষয়া বিমান ৰয়ক পলোৱাৰ সুবিধা প্ৰদান কৰা কাৰ্যই আৰক্ষী বিভাগ সম্পূৰ্ণভাবে এই অপৰাধৰ লগত যে জড়িত তাৰেই প্ৰমাণ কৰিছে । প্রধানমন্ত্রী মোদী ডাঙৰীয়াই যিমানেই “বেটি বচাও, বেটি পঢ়াও” শ্ল’গান নিদিয়ক কিয়, আমেৰিকাত ভাষণ নিদিয়ক কিয় বা অসমত গৃহ বিভাগৰ দায়িত্বত থকা মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুলিচ বিষয়াৰ যিমানেই সন্মিলন নাপতক কিয় এই সকলোবোৰ আৰক্ষীৰ ৰাজনীতিকৰণ আৰু অপৰাধীকৰণৰ বাহিৰে আন একো নহয় বুলিও নেত্রী গৰাকীয়ে মন্তব্য কৰে । তেওঁ লগতে জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যু আৰু ঘগ্রাপাৰ থানাৰ ঘটনাই এই কথা প্ৰমাণ কৰিছে বুলি দাবী কৰে ৷ কাৰ্যসূচীত সন্থাৰ নগাঁও সদৰ সমিতিৰ সম্পাদিকা মালবিকা বৰাইও বক্তব্য ৰাখে।