ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশ মৰ্মে নগাওঁ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১৩ মে’ত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে । উক্ত দিনা পুৱা ১০ বজাৰ পৰা নগাওঁ ন্যায়িক আদালত ভৱনত অনুষ্ঠিত হ’বলগীয়া এই ৰাষ্ট্ৰীয় লোক আদালতত ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা, বিভিন্ন বেংকৰ ঋণ আদি বিভিন্ন গোচৰ ব্যয়হীন ভাৱে আৰু খৰতকীয়াকৈ নিষ্পত্তিৰ ব্যৱস্থা কৰা হব । তদুপৰি বেংকৰ লেন-দেন (ঋণ), টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদ সমূহৰ নিষ্পত্তিৰো এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে কৰা হ’ব ৷ ইফালে, ৰাইজৰ সুবিধাৰ্থে এই গোচৰ সমূহৰ আগতীয়া শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ এই সম্পৰ্কত নগাওঁ ন্যায়িক আদালত ভৱনৰ চতুৰ্থ মহলাৰ ৬৩ নং কক্ষৰ লগত যোগাযোগ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা সচিব মনিকা মিশ্ৰঙে আহ্বান জনাইছে ৷ উল্লেখ্য, বৰ্তমানলৈকে বিভিন্ন বেংক আৰু এ পি ডি ছি এলৰ নিষ্পত্তি নোহোৱা বা অমীমাংসিত প্ৰায় ৬০৩৬ টা গোচৰ আৰু বিভিন্ন ক’ৰ্টত নিষ্পত্তি নোহোৱা প্ৰায় ১৭৯৯ টা গোচৰ পঞ্জীয়ন হৈছে বুলি জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ কাৰ্যালয়ৰ তৰফৰ পৰা জানিব পৰা গৈছে ৷