সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলৰ সহযোগত আৰু কঠিয়াতলী শাখা কবি সন্মিলনৰ উদ্যোগত কঠিয়াতলী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰেক্ষাগৃহত দেওঁবাৰে “কাব্যধ্বনি” শীৰ্ষক এক মনোজ্ঞ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি অশোকৰাম ভট্টাচাৰ্য, কৰৱী লিগিৰা, কঠিয়াতলী শাখা কবি সন্মিলনৰ সভাপতি অতুল চন্দ্ৰ কাকতি, নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণ, সহযোগী সম্পাদক ৰূপম নাথ, দ্বীপজ্যোতি কাকতি, অজন্তা বড়া, সোণাইপৰীয়া শাখা কবি সন্মিলনৰ সভাপতি সঞ্জীৱ সাগৰ চৌধুৰী, ৰঙাজিঞা সদৰ শাখা কবি সন্মিলনৰ সম্পাদক কবিতা বৰা, কামপুৰ শাখা কবি সন্মিলনৰ খৰ্গেশ্বৰ বৰা, নীলকমল শইকীয়া আদি । কবি ৰাজু সমীৰণে আঁত ধৰা অনুষ্ঠানটিত কবি শিখাৰাণী শইকীয়া পাঠক, দিপাংকৰ বৰদলৈ, বিমান হাজৰিকা, ৰমাকান্ত শৰ্মা, গৌৰিশ বৰা, চোহন বৰঠাকুৰ, পৰশমণি দেৱ নাথ, ধৰ্মেশ্বৰ বৰা, ৰবীন বৰা, কল্পনা বৰা, ৰাতুল শৰ্মাকে প্ৰমূখ্য কৰি বহু কেইজন কবিৰ কাব্য পাঠেৰে অনুষ্ঠানটি মুখৰিত হৈ পৰে । সদৌ অসম কবি সন্মিলনৰ কাব্যমন্ত্ৰেৰে সামৰণি পৰা অনুষ্ঠানৰ সফল ৰূপায়ণত সহযোগিতা আগবঢ়োৱা সকলোৰে প্ৰতি কঠীয়াতলী শাখা কবি সন্মিলনৰ সম্পাদক নিলাক্ষী কলিতাই কৃতজ্ঞতা জ্ঞাপন কৰে।