ৰাজ্য জোকাৰি যোৱা মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ অকাল মৃত্যুক সহজভাবে মানি ল’ব পৰা নাই বিভিন্ন ব্যক্তিৰ লগতে বহু দল-সংগঠনে ৷ আনকি জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে বিভিন্ন সংগঠন ৷ ইয়াৰ মাজতে শনিবাৰে নগাঁও জিলাৰ জাজৰিত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই প্ৰতিবাদ সাৰ্বস্ত কৰে ৷ সংগঠনটোৰ দলংঘাট ব্ল’ক সমিতিৰ উদ্যোগত জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যুৰ উচ্চস্তৰীয় ন্যায়িক তদন্ত ঘোষণা কৰাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদীকাৰী সকলে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদীস্থলী উত্তাল কৰি তোলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সংগঠনটোৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগমে কয় যে–মহিলা সমাজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত চৰকাৰ চূড়ান্ত ভাবে ব্যৰ্থ হৈছে । জোনমণি ৰাভাৰ ঘটনাই আৰক্ষী-অপৰাধীৰ অশুভ মিতিৰালিক স্পষ্ট কৰিছে । যিয়ে সাধাৰণ ৰাইজৰ জীৱনো বিপদাপন্ন কৰি তুলিছে ৷ সংগঠনটোৰ অন্যতম নেতৃ উমা পাটৰ, জোৎস্না বেগম নিলুফা বেগম আৰু সীমা বৰদলৈৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক মহিলাই অংশগ্ৰহণ কৰে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *