নগাঁৱৰ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত শনিবাৰে এআইইউডিএফে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আচলতে, চৰ-চাপৰিত যুগ যুগ ধৰি বসবাস কৰি থকা লোকসকলক বিজেপি চৰকাৰে খেদি পঠিয়াই অঘৰী কৰাৰ অভিসন্ধিৰে ষড়যন্ত্ৰমূলক ভাবে ওৰাং অভয়াৰণ্য সংযোজন কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী পালন কৰে দলটোৱে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ “বিকল্প সংস্থাপন অবিহনে উচ্ছেদ অভিযান বন্ধ কৰক”, “সাম্প্ৰদায়িক আক্ৰোশমূলক উচ্ছেদ বন্ধ কৰক”, “অসম চৰকাৰ হাই হাই” আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ পিছত প্ৰতিবাদকাৰীসকলে ধিং চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । কাৰ্যসূচীত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে৷

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *