নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰ ধূপগুৰিৰ ফকৰ উদ্দিন আলী আহমেদ হাই স্কুল খেল পথাৰত অসম সংখ্যলঘু সংগ্রাম পৰিষদৰ নগাওঁ জিলা সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনখনি সুকলমে অনুষ্ঠিত হৈ যায় ৷ এই মৰ্মে, বিভিন্ন কাৰ্যসূচীৰ লগতে অসম সংখ্যলঘু সংগ্রাম পৰিষদৰ নগাওঁ জিলা সমিতিৰ মুখ্য উপদেষ্টা এহিয়া হাছান আনচাৰীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা মুল সভাখনিত অসম সংখ্যলঘু সংগ্রাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহম্মদ আলী খলিফা, কাৰ্যকৰী সভাপতি আবু বক্কৰ ছিদ্দিক, বিশিষ্ট সমাজ কৰ্মী তথা ৰাজনৈতিক বিশ্লেষক তছলিম আহমদ ৰহমানীয়ে ভাগ লৈ অসমৰ সংখ্যলঘু লোকসকলৰ বিভিন্ন সমস্যাৰ লগতে ডি ভোটাৰ, নাগৰিকত্ব, বানপানী, গড়াখহনীয়া আদি সমস্যাৰ লগতে চৰকাৰী মাটিত যুগ যুগ ধৰি বসবাস কৰি অহা লোক সকলক ভূমি পট্টা নিদিয়া, উচ্ছেদৰ দৰে বৃহৎ সমস্যাবোৰ জীয়াই ৰাখি আমাৰ সংখ্যলঘু ভোটাৰৰ পৰা কেৱল ভোট আদায় কৰি আহিছে ক্ষোভ ব্যক্ত কৰে ৷ এই অধিবেশনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *