নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তর্গত ভোমোৰাগুৰি লালুং গাঁৱত আজি বিদ্যুৎস্পৃষ্ঠ হৈ এজন শ্ৰমিক নিহত হোৱাৰ লগতে আন এজন গুৰুত্বৰভাবে আহত হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । প্ৰাপ্ত খবৰ মতে, লালুং গাঁৱত নতুনকৈ নিৰ্মান কৰা পানী যোগান আঁচনিত এ এছ-০২-এ এইছ ৬০১৩ নম্বৰৰ এছক’ৰ্ট হাইদ্ৰা ৪০ গাড়ীৰে গাতে লাগি থকা পানী টেংকীৰ খুটি ওপৰলৈ উঠাব লওঁতেই বিদ্যুৎ প্ৰবাহিত হোৱাত তলত কাম কৰি থকা শ্ৰমিক এজন নিহতৰ লগতে আন এজন গুৰুত্বৰভাবে আহত হয় । মৃত শ্ৰমিক জন ভকত গাঁৱৰ মুৱাছেল হুছেইন (১৮) বুলি জানিব পৰা গৈছে । ইফালে, আহত ভকত গাঁৱৰে অমৰ আলী নামৰ আনজন শ্ৰমিকক সংকটজনক অৱস্থাত ততাতৈয়াকৈ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ঠিকাদাৰ আৰু গাড়ীখনৰ ড্ৰাইভাৰৰ চৰম হেমাহিৰ বাবেই উক্ত শোকাৱহ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।