নিউজ ডেক্স, ২৪ জুলাইঃ জনস্বাস্থ্য কাৰিকৰী, চীড আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি চৰকাৰী কাৰ্যসূচী লৈ বঙাইগাঁৱলৈ যাত্রা কৰাৰ পথত নলবাৰী মেডিকেল কলেজখন আকস্মিক পৰিদর্শন কৰি কাম-কাজৰ পর্যবেক্ষণ কৰাৰ লগতে ৰোগীসকলৰ অভাৱ- অভিযোগৰো বুজ লয়।

একেবাৰে নতুনকৈ স্থাপন হোৱা হস্পিটাল হিচাপে নলবাৰী মেডিকেল কলেজখনৰ OPD -কে আদি সকলোবোৰ ব্যৱস্থা পৰ্যবেক্ষণ মন্ত্ৰী বৰুৱাই সন্তুষ্টি প্ৰকাশ কৰে। ইয়াৰলগতে সংবাদ মাধ্যমৰ আগত নিজৰ মত বিনিময় কৰি মন্ত্ৰী বৰুৱাই কয় যে সকলোবোৰ কাম সুকলমে হৈ গ’লে নলবাৰী মেডিকেল কলেজখন অসমৰ এখন আগশাৰীৰ মেডিকেল কলেজৰূপে পৰিগণিত হ’ব বুলি তেওঁ আশাবাদী। ডক্তৰ আৰু নাৰ্চৰ উপস্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰতিটো ৱাৰ্ডতেই প্ৰয়োজনীয় ডক্তৰ – নাৰ্চ উপস্থিতি আছে ইয়াৰোপৰি ৰোগীসকলেও মেডিকেল কলেজখনত উপলব্ধ সা-সুবিধাক লৈ সুখী বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে। তেওঁ লগতে উল্লেখ কৰে “মোৰ দৃঢ় বিশ্বাস যে অনাগত দিনত এই মেডিকেল কলেজখনে নলবাৰী জিলা আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক অতি দক্ষতাৰে সেৱা আগবঢ়াব পাৰিব।”

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *