‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত উন্নয়নৰ ক্ষেত্ৰত সকলো দিশতে সুস্থ বাতাবৰণৰ সৃষ্টি হৈছে’
‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৈ কোনো নেতাই সফল নহ’ব’
বিজেপি দলৰ সংবিধান মানি যিদিনাই যিকোনো ব্যক্তিয়ে দলত যোগদান কৰে সেইদিনাৰ পৰাই দলৰ এজন সদস্য হিচাপে স্বীকৃতি লাভ কৰে। তাত ন-পুৰণি বুলি কোনো কথা উল্লেখ নাথাকে। দলীয় অনুশাসন মানি সদস্য ভৰ্তি হোৱাৰ পাছত তেওঁ এজন কাৰ্যকৰ্তা হিচাপে দলৰ সংবিধান আৰু অনুশাসন মানি দলৰ বাবে কাম কৰি যাব লাগিব। আজি সাংবাদিকৰ আগত এই মন্তব্য কৰি বিজেপিৰ জ্যেষ্ঠ নেতা যাদৱ ডেকাই কয় যে, ন-পুৰণি ধাৰণাটো বিৰোধীয়ে চৰ্চালৈ আনিছে। দলত যোগদান কৰাৰ পাছতেই সকলোকে সহকৰ্মী বুলি সন্মান দিয়াৰ পিছত ন-পুৰণি প্ৰসংগটো আহিবই নোৱাৰে বুলি মত প্ৰকাশ কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। লগতে দলৰ কিছু নেতাই সামাজিক তথা আন আন মাধ্যমত দলৰ বিৰুদ্ধে বা চৰকাৰৰ বিৰুদ্ধে যি মন্তব্য আগবঢ়াইছে কোনো কাৰণতে সমৰ্থন যোগ্য নহয় বুলি প্ৰকাশ কৰে বিজেপিৰ জ্যেষ্ঠ নেতা যাদৱ ডেকাই। দলীয় বিষয়সমূহ দলৰ মজিয়াত আলোচনা নকৰি ব্যক্তিগত স্বাৰ্থত সামাজিক মাধ্যমত প্ৰকাশ কৰি একাংশই বিজেপিত সংঘাত আনিব বিছাৰিছে। এনে কৰিলে দলৰ ক্ষতি হ’ব বুলি মন্তব্য কৰে ডেকাই। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা তথা নেতৃত্বত অসমত উন্নয়নৰ ক্ষেত্ৰত, আন্তঃগাঁথনিৰ ক্ষেত্ৰত বা প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰতে হওক সকলো দিশতে সুন্দৰ পৰিৱেশ সৃষ্টি কৰি বিৰল কৃতিত্ব বুটলিবলৈ সক্ষম হৈছে। তেনেক্ষেত্ৰত দল তথা চৰকাৰৰ বিৰুদ্ধে কথা ক’লে দলৰ অনুশাসন ভংগ কৰাৰ দৰে হ’ব বুলি মন্তব্য কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে। দলৰ সংবিধান আৰু অনুশাসন উলংঘা কৰা এনে নেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দলৰ এগৰাকী জ্যেষ্ঠ নেতা হিচাপে এই মন্তব্য কৰে। দলৰ সংবিধান মতে তেনে নেতাক দলৰ পৰা বহিস্কাৰো কৰিব পাৰে বুলি মন্তব্য কৰে তেখেতে। দলৰ বিৰুদ্ধে যিসকলে বিষোদগাৰ প্ৰদৰ্শন কৰিছে তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে। প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইৰ উদ্ধৃতি দি তেওঁ কয়, ৪ বাৰকৈ সাংসদ হৈছে। দলে তেওঁলোকক যথেষ্ট সন্মান দিছে। তাৰ পিছতো তেওঁলোকে কি কাৰণত দলৰ বিৰুদ্ধে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিষোদগাৰ কৰিব তাত কেতিয়াও সমৰ্থন দিব পৰা নাযায়। লগতে তেওঁ কয় কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৃতৃত্বই ১০৪টা সমষ্টি খিলঞ্জীয়াৰ পক্ষত আনিবলৈ সক্ষম হৈছে। তেনে এটা বিৰল কৃতিত্বৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে যথেষ্ট আশীৰ্বাদ কৰিছে গতিকে তেওঁৰ বিৰুদ্ধে কোনো নেতাই গৈ সফল নহ’ব বুলি মন্তব্য কৰে তেখেতে।