‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিলৈ অহাৰ আগতে বিজেপিত কেইবাটাও পাৱাৰ চেণ্টাৰ আছিল। সেইবাবেই দলটো আগুৱাই যাব পৰা নাছিল’
ন বিজেপি, পুৰণি বিজেপি কনচেপ্টটো মই একচেপ্টই নকৰো। কিয়নো কোনো এজন ব্যক্তি দলত অন্তৰ্ভুক্ত হ’লে তেওঁ দলৰে সদস্য হৈ যায়। তাত নতুন, পুৰণা বুলি ধাৰণাটো নাথাকে। আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰায় তিনি দশক কালৰ আগতে বিজেপিৰ মেডিয়া ইনচাৰ্জৰ লগতে দলৰ বিভিন্ন পদবীত থকা জ্যেষ্ঠ নেতা শান্তনু গগৈয়ে। ন-পুৰণি ধাৰণাটো সম্পূৰ্ণ ৰূপে নস্যাৎ কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। তিনি দশকৰ অভিজ্ঞতাৰ পৰা তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাৰ আগতে বিজেপিত কেইবাটাও পাৱাৰ চেণ্টাৰ আছিল। সেইবাবেই দলটো আগুৱাই যাব পৰা নাছিল। বিষয়টো সন্দৰ্ভত তেওঁ কয় যে, আগতে কেইবাটাও পাৱাৰ চেণ্টাৰ থকাৰ বাবে এক দল, এক নেতৃত্ব হৈ উঠা নাছিল। বৰ্তমান ভিন্ন পাৱাৰ চেণ্টাৰ নথকাৰ দিশটো এটা শুভ লক্ষণ বুলি অভিহিত কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনৰ উন্নয়ন সাধন হোৱাৰ লগতে ভৱেশ কলিতাৰ নেতৃত্বত দলটো ভালদৰে পৰিচালিত হৈছে বুলি মন্তব্য কৰে তেখেতে। দল আৰু চৰকাৰৰ মাজত সামঞ্জস্য ৰাখি সুন্দৰভাবে সকলো চলি আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে নেতাগৰাকীয়ে। গতিকে মাজত যদি কিবা কথা ক’ব লগীয়া থাকে দলৰ মজিয়াত ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰীক অৱগত কৰিব লাগে। নিজৰ অভিজ্ঞতাৰ পৰা দুখ প্ৰকাশ কৰি কয় যে, যাৰ যি ইচ্ছা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰাটো অসংবিধানিক। বৰ্তমান দলীয় সংঘাত নাই বুলি মন্তব্য কৰি তেওঁ কয় যে, সকলো মিলি দলৰ বাবে ৰাইজৰ বাবে কাম কৰি যাব লাগে। কাৰোবাৰ যদি কিবা ওজৰ-আপত্তি থাকে দলৰ মজিয়াত জ্যেষ্ঠসকলে আহি কনিষ্ঠসকলৰ লগত আলোচনা কৰি চলিলে দলটোৰ অগ্ৰগতি হ’ব বুলি মন্তব্য কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে।