ছাত্ৰ-ছাত্ৰী সৈতে একাত্ম হৈ ছবি আঁকি গছপুলি ৰুলে বিধায়িকা শিবামনি বৰাই
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৫ জুনঃ সেউজীয়া গছ গছনিৰে ভৰপূৰ সুন্দৰ প্ৰাকৃতিক পৰিবেশেৰে আবৃষ্ট, পৰিস্কাৰ পৰিচ্ছন্ন নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘সেউজ সংঘ’ৰ উদ্যোগত আজি চৰকাৰী নিৰ্দেশনা আৰু সেউজ সংঘৰ নিজা পৰিকল্পনা অনুসৰি বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱসটি পালন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি পুৱা প্ৰাতঃসভাত বিশ্ব পৰিবেশ দিৱসৰ শপত বাক্য পাঠ কৰাই বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক তথা সেউজ সংঘৰ আহ্বায়ক গুণমনি কলিতাই ৷ ইয়াৰ পিছতে প্ৰত্যেক শ্ৰেনীৰ শাখাত কুইজ প্ৰতিযোগীতাৰ অন্তত অনুষ্ঠিত হোৱা মুকলি চিত্ৰাংকন প্ৰতিযোগীতাত বিদ্যালয়ৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশ সচেতনতামূলক ৰং-বিৰঙৰ ছবি আঁকি পৰিবেশ জীপাল কৰি তোলে ৷ ইয়াৰ পিছত বিদ্যালয় চৌহদত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই ৷ বিধায়িকাগৰাকীক সহযোগ কৰে আন দুগৰাকী অতিথি ধিং ৰাজহ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰী আৰু ভাৰতীয় ষ্টেট বেংকvb বটদ্ৰৱা শাখাৰ পৰিচালক ৰাজীৱ বৰাই ৷ বৃক্ষৰোপনৰ পিছতেই ছাত্ৰ-ছাত্ৰী সকলে ‘প্লাষ্টিক এৰক, পৃথিৱী বচাওঁক’ শীৰ্ষক পৰিবেশ সজাগতামূলক বাটৰ নাট প্ৰদৰ্শণ কৰে ৷ শেষত অনুষ্ঠিত হোৱা পুৰস্কাৰ বিতৰণ সভাত বিশিষ্ট অতিথি বিধায়িকা শিৱামনি বৰা, ৰাজহ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰী আৰু ভাৰতীয় ষ্টেট বেংক বটদ্ৰৱা শাখাৰ পৰিচালক ৰাজীৱ বৰাই ছাত্ৰ-ছাত্ৰীসকলক পৰিবেশ সংৰক্ষণ আৰু সজাগতা সম্পৰ্কে প্ৰেৰণামূলক বক্তব্য আগবঢ়োৱাৰ লগতে বিভিন্ন প্ৰতিযোগীতাত পুৰস্কাৰ লাভ কৰা শিক্ষাৰ্থী সকলক পুৰস্কাৰ হিচাপে একোটিকৈ গছপুলি প্ৰদান কৰে।