নিউজ ডেস্ক, ২০ মে’ঃ ভয়ানক পৰিস্থিতি উত্তৰ ছিকিমত। নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ ছিকিমত ভূমিস্খলন। লাচেন, লাচুং আৰু চুংথাং উপত্যকাত প্ৰচণ্ড প্ৰচণ্ড বৰষুণৰ বাবে হৈছে ভূমিস্খলন। বন্ধ হৈ পৰিছে যান বাহন চলাচলৰ পথ। পথ অৱৰোধৰ ফলত আবদ্ধ হয় ৫০০ পৰ্যটক। ভাৰতীয় সেনাই চুংথাঙত আবদ্ধ হৈ থকা ১১৩ গৰাকী মহিলা আৰু ৫৪ শিশুকে ধৰি প্ৰায় ৫০০ পৰ্যটকক উদ্ধাৰ কৰে। আৱদ্ধ হৈ থকা পৰ্যটকসকলক আৰ্মী কেম্পলৈ স্থানান্তৰিত কৰে। লগতে গৰম খাদ্য আৰু গৰম কাপোৰৰ ব্যৱস্থা কৰি দিয়ে । আৱদ্ধ হৈ থকা পৰ্যটকসকলক প্ৰাৰম্ভিক চিকিৎসা পৰীক্ষাৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিয়ে। প্ৰাৰম্ভিক চিকিৎসা পৰীক্ষাত সকলো পৰ্যটক সুস্থিৰ বুলি জনাই ভাৰতীয় সেনাবাহিনীয়ে।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *