নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ ভালুকমাৰীৰ নিবাসী প্ৰয়াত বিশিষ্ট নাট্য শিল্পী বিৰাজ হাজৰিকাৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী উপলক্ষে বুধবাৰে শিল্পীগৰাকীৰ বাসগৃহৰ সন্মুখত এটি প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয় । এই মৰ্মে, চিকিৎসক ডাঃ থানুৰাম হাজৰিকাৰ পৌৰহিত্যত অনুষ্ঠিত প্ৰতিমূৰ্ত্তি উন্মোচন অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী যোগেশ্বৰ শইকীয়াই ৷ মাংগলিক কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত প্ৰয়াত নাট্য শিল্পী বিৰাজ হাজৰিকাৰ স্মৃতিত নিৰ্মাণ কৰি উলিওৱা প্ৰতিমূৰ্ত্তিটি আনুষ্ঠানিকভাবে উন্মোচন কৰে প্ৰবীন নাট্যশিল্পী গিৰিধৰ সেনাপতিয়ে । কবি, শিক্ষক বিকাশ হাজৰিকাই আঁত ধৰা উন্মোচনী অনুষ্ঠানটোত মনোজ হাজৰিকা, দিব্যজ্যোতি বৰুৱা, আশীষ মহন্ত, ৰাহুল বৰ্মণ, বাছা বৰদলৈ, ত্ৰিদ্বিপ ডেকা, থুন তামুলী, গৌতম মহন্ত, ৰানা কাকতি, ঘন কাকতি, নিপন শইকীয়া, পিকু কাকতি, টিকু কাকতি, ৰূপম সেনাপতি, হেমন্ত বৰা, কমল সেনাপতি, হেমেন হাজৰিকাকে প্ৰমুখ্য কৰি কেইবাগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে । উক্ত অনুষ্ঠানতেই বিগত বৰ্ষৰ দৰে প্ৰয়াত বিৰাজ হাজৰিকাৰ স্মৃতিত ২০২৩ বৰ্ষৰ শিল্পী সম্বৰ্ধনা জনোৱা হয় শিল্পী গিৰিধৰ সেনাপতিক । শেষত প্ৰয়াত বিৰাজ হাজৰিকাৰ পিতৃ গুণকান্ত হাজৰিকাৰ দ্বাৰা শলাগৰ শৰাইৰে অনুষ্ঠানৰ পৰিসমাপ্তি ঘটোৱা হয়।