শ্ৰীকৃষ্ণক লাভ জেহাদী সজোৱা লোকৰ বিজেপিৰ সংঘাতৰ কথাত ইমান উচ্চ-বাচ্য কিয়? ভূপেন বৰাক কটাক্ষ পীযুষ হাজৰীকাৰ

শেহতীয়াকৈ বিজেপিৰ সংঘাতক লৈ কংগ্ৰেছে উচ্চ-বাচ্য কৰা সন্দৰ্ভত সংবাদমেলত কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপি দলত কথা কোৱাৰ অধিকাৰ সকলোৰে আছে। চৰকাৰ বা দলীয় বিষয়ত কিবা যদি অসন্তুষ্টি আছে, তেনেহলে কথা ক’ব পাৰে। বিজেপি দলীয় সভাত মাৰপিট, কাৰ্যালয় ধ্বংস কৰাৰ উদাহৰণ ক’ৰবাত পাইছে নেকি বুলি সাংবাদিকক প্ৰশ্ন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। বিজেপি দলক উচ্চ-বাচ্যৰে সমালোচনা কৰা ভূপেন বৰা, গৌৰৱ গগৈক উদ্দ্যেশি মন্ত্ৰীগৰাকীয়ে কয় যে, কংগ্ৰেছৰ দৰে দলীয় সভাত মাৰপিট কৰি অফিচ ধ্বংস কৰা উদাহৰণ ১০ বছৰত বিজেপি দলত ক’তো হোৱা নাই। বিজেপি দলত এনে পৰিস্থিত কোনেও কৰিব সাহস কৰিব নোৱাৰে। কাৰণ বিজেপিৰ নীতি অত্যন্ত স্পট। এনে ঘটনা দলে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। কংগ্ৰেছৰ দলীয় সভাত মাৰপিটৰ ঘটনা মাহত দুটাকৈ দেখিবলৈ পোৱা যায় বুলি কটাক্ষ কৰে মন্ত্ৰী হাজৰীকাই। গতিকে বিজেপিক গালি পৰাতকৈ নিজক আত্মসমালোচনা কৰক বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আজি সংবাদমেলত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক মহাভাৰতৰ কথা নক’বলৈ অনুৰোধ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। সংবাদমেলত ভগৱান শ্ৰীকৃষ্ণক লাভ জেহাদী সজোৱা মানুহে শ্ৰীকৃষ্ণৰ সখা অৰ্জুন হ’ব পাৰে নেকি বুলি তীব্ৰ সমালোচনা কৰে ভুপেন বৰাক। প্ৰথমে আনক সমালোচনা কৰাত কৈ নিজৰ দলত হোৱা মাৰপিট বন্ধ কৰিবলৈ কংগ্ৰেছ সভাপতিগৰাকীক আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰীকাই।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *