ধিং সমষ্টিৰ মৈৰাবাৰীত মঙলবাৰে তৃণমূল কংগ্ৰেছৰ নগাঁও জিলাৰ সভাপতি ময়ুৰ মজুমদাৰৰ সভাপতিত্বত দুই সহস্ৰাধিক লোকৰ অংশগ্ৰহণত তৃণমূল কংগ্ৰেছৰ বিশাল গণ অধিকাৰ সভা অনুষ্ঠিত হৈ যায়। তৃণমূল কংগ্ৰেছৰ নেতা ইক্ৰামুল হুছেইনে সংখ্যালঘু ৰাইজৰ গুৰুত্বপূৰ্ণ সমস্যা সম্পৰ্কে বক্তব্য ৰখাৰ লগতে বিজেপি চৰকাৰক কঠোৰভাৱে সমালোচনা কৰে। তৃণমূল কংগ্ৰেছৰ মিডিয়া চেলৰ দিলীপ শৰ্মাই ভাষণ প্ৰসংগত স্থানীয় বিধায়ক আমিনুল ইছলামক অকৰ্মন্য জনপ্ৰতিনিধি হিচাপে চিহ্নিত কৰাৰ লগতে সাংবাদিক অৰ্ণৱ গোস্বামী আৰু চিবিআইৰ কাৰ্য কলাপক তীব্ৰ সমালোচনা কৰে। সভাত উপস্থিত থকা তৃণমূল কংগ্ৰেছৰ যুৱ সমিতিৰ সম্পাদিকা পলাসী দাসে বিজেপি চৰকাৰে উচ্ছেদৰ নামত মুছলমান ৰাইজক অন্যায়-অত্যাচাৰ কৰি আহিছে বুলি বক্তব্যৰ মাজেৰে ব্যাখ্যা কৰে। লাহৰীঘাাট সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ নেতা এডভোকেট ৰেজাউল কৰিমে সংখ্যালঘু সম্প্ৰদায়ৰ বিভিন্ন সমস্যা সম্পৰ্কে চমু বক্তব্য ৰাখে। তৃণমূল কংগ্ৰেছৰ গণ অধিকাৰ সভাখনত তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই কয় যে আমি ধিং সমষ্টিৰ মৈৰাবাৰীত আমি ভোট বিচাৰি অহা নাই। আমি সকলোকে লৈ বিজেপিক অসমৰ পৰা উৎখাত কৰাৰ সংকল্প লোৱাৰ পৰিৱেশ সৃষ্টি কৰা আমাৰ উদ্দেশ্য। তেওঁ আৰু কয় যে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে বিজেপিক উৎখাত কৰাৰ কামত জড়িত হ’ব নোৱাৰে কাৰণ বিধায়কজনৰ বিজেপিৰ লগত গোপন মিতিৰালি আছে।