নিউজ ডেস্ক,১৮ মে’ঃ হাৰিয়ানাৰ বিজেপি নেতা ৰতনলাল কাটাৰিয়াৰ দেহাৱসান। হাৰিয়ানা বাসীৰ বাবে দুঃখবৰ। আম্বালাৰ পৰা লোকসভাৰ সাংসদ আছিল ৰতনলাল কাটাৰিয়া। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কাটাৰিয়া। চণ্ডীগড় PGI ত ভৰ্তি কৰোৱা হৈছিল ৰতনলাল কাটাৰিয়াক । তেওঁৰ মৃত্যুত লোকসভাৰ অধ্যক্ষ ওম বিৰলাকে ধৰি বহু বিজেপি নেতাই টুইট কৰি শোক প্ৰকাশ কৰিছে।