নিউজ ডেস্ক,২০ মে’ঃ ৫৮ বছৰ বয়সত পিতৃ হ’ব বৰিছ জনছন। অষ্টমবাৰৰ বাবে পিতৃ হ’ব বৰিছ জনছন। বৰিছ জনছনৰ তৃতীয় পত্নী কেৰী জনছনে সদৰি কৰিলে মাতৃত্বৰ খবৰ। কেৰী জনছন এগৰাকী ব্ৰিটিছ মিডিয়া কনচালটেণ্ট । ৩৫ বছৰীয়া কেৰীৰ পূৰ্বৰ সন্তান হৈছে উইলফ আৰু ৰমী। তিনি বছৰীয়া উইলফ আৰু দুবছৰীয়া ৰমী। ২০২০ চনৰ এপ্ৰিল মাহত উইলফৰ জন্ম হোৱাৰ বিপৰীতে ২০২১ চনৰ ডিচেম্বৰ মাহত জন্ম হৈছিল ৰমীৰ । প্ৰাক্তন পত্নী মেৰিনা হুইলাৰৰ সৈতে বৰিছ জনছনৰ আছে চাৰিটা সন্তান । ২০২১ চনৰ মে’মাহত বিবাহপাশত আবদ্ধ হয় বৰিছ জনছন আৰু কেৰী জনছন। চছিয়েল মিডিয়াত সুখৰ মুহুৰ্ত প্ৰকাশ কৰিলে কেৰী জনছনে । কেৰী জনছনে জনাই যে কেই সপ্তাহমানৰ ভিতৰতে নতুন সদস্য আহিব। উইলফ আকৌ এজন ডাঙৰ ককায়েক হব।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *