সাধাৰণ সভাত বৰ্ষজোৰা কাৰ্যসূচীৰে ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ সিদ্ধান্ত
নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অহা বছৰ সগৌৰৱে ভৰি দিব ৮৫ বছৰত ৷ সেয়ে শিক্ষানুষ্ঠানখনৰ গৌৰৱোজ্বল ৮৫ বছৰীয়া প্ৰতিষ্ঠা দিৱসটি বৰ্ণাঢ্যভাবে উদযাপনৰ হেতু দেওঁবাৰে এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয় । বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মনোৰঞ্জন বৰাৰ সভাপতিত্বত বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এই সভাখনি এটি বৰগীত পৰিবেশনেৰে শুভাৰম্ভ কৰে বিদ্যালয়খনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী কৃষ্টিকন্যা শইকীয়াই । বিদ্যালয়ৰ উপাধ্যক্ষ দীপ্তি বৰাই আঁত ধৰা আৰু শিক্ষক উৎপল হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰা হয় । যিহেতু আগন্তুক ২০২৪ বৰ্ষত প্ৰতিষ্ঠাৰ ৮৫ সংখ্যক বৰ্ষত ঐতিহ্যমণ্ডিত বিদ্যালয়খনে ভৰি দিব, সেয়ে বছৰজোৰা কাৰ্যসূচীৰে এই গৌৰৱময় ক্ষণ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এটি প্ৰাক্তন শিক্ষাৰ্থী গোটো গঠন কৰা হয় । বিদ্যালয়ৰ অধ্যক্ষ বৃন্দামাই দেৱীয়ে আদৰণি ভাষণ প্ৰদান কৰা এই সভাখনতেই ড° ইন্দ্ৰজিৎ বেজবৰুৱাক সভাপতি আৰু উৎপল হাজৰিকাক সম্পাদক হিচাপে লৈ এখন প্ৰাক্তন শিক্ষাৰ্থী সমিতি গঠন কৰা হয় । বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিক্ষক প্ৰয়াত হলধৰ মুদৈৰ আৱক্ষ মূৰ্ত্তিত শ্ৰদ্ধাৰ্ঘ্য অৰ্পনেৰে অনুষ্ঠিত হোৱা এই সাধাৰণ সভাখনত বৃহত্তৰ হাতীচোং মৌজাৰ দুই শতাধিক লোক উপস্থিত থাকে । শিক্ষক শোণিত ৰঞ্জন হাজৰিকাই শলাগৰ শৰাই আগবঢ়োৱা এই সভাত আগন্তুক ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বৰ্ষজোৰা কাৰ্যসূচীৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় । শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, লেখিকা দীপ্তি দেৱী শৰ্মা, সক্ৰিয় ৰাজহুৱা কৰ্মী হৰেন শইকীয়া, গম্ভীৰ শইকীয়া, লেখক-সাংবাদিক জ্যোতিপ্ৰসাদ বৰা আদিৰ উপৰিও বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনৰ সিদ্ধান্ত অনুসৰি গগন শৰ্মাক সভাপতি, মনোৰঞ্জন বৰা আৰু ড° ইন্দ্ৰজিৎ বেজবৰুৱাক কাৰ্যকৰী সভাপতি, বিদ্যালয়ৰ অধ্যক্ষ বৃন্দামাই দেৱীক সাধাৰণ সম্পাদক হিচাপে লৈ ঐতিহ্যমণ্ডিত বিদ্যালয়খনৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে এখন উদযাপন সমিতিও গঠন কৰা হয়।