ৰঙিয়াৰ বিভিন্ন ঠাইত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। সাংসদ পুঁজিৰ ধন ব্যৱহাৰত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগত এই প্ৰতিবাদ স্থানীয় ৰাইজৰ। ৰঙিয়াৰ ৮ নং ৱাৰ্ডত সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত ক্ষোভিত ৰাইজৰ। অজিত কুমাৰ ভূঞা মূৰ্দাবাদ ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। ৰঙিয়া সাপ্তাহিক বজাৰৰ পথ নিৰ্মাণ নকৰাকৈ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ১৫লাখ টকা মুকলি কৰি দিয়াৰ অভিযোগ। এনে দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে তদন্ত বিচাৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনায়। আনহাতে নকুছিতো ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। সাংসদ অজিত কুমাৰ ভূঞা হায় হায় ধ্বনিৰে পৰিবেশ উত্তপ্ত কৰি তোলে। এই ঠাইত সাংসদ পুঁজিৰে দুটা পথৰ নামত ৩০.৬০লাখ টকাৰ আত্মসাৎ কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। এনে দুৰ্নীতিত জড়িত লোকক উচিত শাস্তি প্ৰদানৰ দাবী স্থানীয় ৰাইজৰ।

By Editor

Leave a Reply

Your email address will not be published. Required fields are marked *